নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ পৰা ১৩ খন বিমানৰ যাত্রা বাতিল

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ গুৱাহাটীত অব্যাহত আছে কেব বিৰোধী তীব্র প্রতিবাদ ৷ যাৰ বাবে বৃহস্পতিবাৰে বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা দেশৰ বিভিন্ন স্থানলৈ যাবলগীয়া ১৩ খনকৈ বিমানৰ যাত্রা বাতিল কৰে কর্তৃপক্ষই ৷

এয়াৰপ’ট অথৰিটী অৱ ইণ্ডিয়াৰ আঞ্চলিক কার্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে জনোৱা মতে, ১৩ খন বিমানৰ যাত্রা বাতিল হয় ৷ ফলত বহু যাত্রীৰ মাজত এক হাহাকাৰ অৱস্থা সৃষ্টি হয় ৷

ইপিনে উত্তৰ–পূব সীমান্ত ৰে’লৱেই ২৪ খন ৰে’লৰ যাত্রা বাতিল কৰিছে ৷ ইয়াৰ ভিতৰত আছে ৰাজধানী এক্সপ্রেছ, শতাব্দী এক্সপ্রেছ, তিনিচুকীয়া–নাহৰলগ্ যাত্রীবাহী ৰে’ল, অবধ আছাম আৰু কামৰূপ এক্সপ্রেছ ৷

You might also like