নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰুগাড়ীত উঠি কইনা আনিবলৈ গ’ল কল্পজ্যোতি

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ এখন ব্যতিক্ৰমী বিবাহ । বিলাসী গাড়ীৰ বিপৰীতে গৰুগাড়ীত উঠি কইনা আনিবলৈ গ’ল নুমলীগড় কানাইঘাটৰ দৰা কল্পজ্যোতি বৰুৱা । বৰ্তমান সময়ত সততে দেখিবলৈ নোপোৱা এনে দৃশ্যই বুধবাৰে নিশা আকৰ্ষিত কৰে সকলোকে ।

আগে আগে বেণ্ড পাৰ্টী আৰু বিবাহ যাত্ৰী পিছে পিছে গৰু গাড়ীত উঠি দৰা আৰু তেওঁৰ সখী । ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে তিনি কিলোমিটাৰ পথ এনেদৰেই যাত্ৰা কৰি কইনাৰ ঘৰত উপস্থিত হয় কল্পজ্যোতি বৰুৱা । গৰুগাড়ীত উঠি বিয়া কৰাবলৈ অহা দৰাই সাংবাদিকৰ আগত উল্লেখ কৰে যে প্ৰদূষণমুক্ত পৃথিৱীৰ লগতে ইন্ধন ৰাহি কৰাৰ বাবে এই পুৰণি পৰম্পৰা ধৰি ৰাখিছে ।

ইফালে, গৰুগাড়ীত যোৱা দৰাক দেখি উৎফুল্লিত হৈ পৰে কইনাঘৰীয়া । কইনাঘৰৰ পদূলিত ব্যতিক্ৰমী এই দৃশ্য দেখাৰ পাচতেই সকলোৰে বাবে আকৰ্ষণ কেন্দ্ৰবিন্দু হৈ পৰে এই গৰুগাড়ীখন ।

You might also like