নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ চৰম উপহাসঃ দিছপুৰলৈ তাঁত–বাটি কৰিও শ্বহীদ–নির্যাতিত পৰিয়ালে নাপালে সংস্থাপন

নিয়মীয়া বাৰ্তা,৪ ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ চূড়ান্ত অৱহেলাৰ পৰিণতিত অসম আন্দোলনৰ শ্বহীদ, নির্যাতিত পৰিয়ালৰ সদস্যৰ কর্মসংস্থাপনৰ বিষয়টো কার্যতঃ ভেঁকো–ভাওনাত পৰিণত হৈছে ৷ অসম আন্দোলনৰ ফলত স্থাপন হোৱা অসম চুক্তি ৰূপায়ণ বিভাগে এইক্ষেত্রত গ্রহণ কৰি অহা উদাসীন ভূমিকাই শ্বহীদ পৰিয়ালৰ সদস্য, পংগু–নির্যাতিতসকলক হতাশগ্রস্ত কৰি তুলিছে ৷ এই বিভাগটোৱে শ্বহীদ, নির্যাতিত পৰিয়লৰ সদস্যক নিযুক্তি দিয়াৰ বাবে সদৌ অসম ছাত্র সন্থাকে ধৰি কেইবাটাও সংগঠনে দাবী জনাই অহাৰ পৰিপ্রেক্ষিতত ৫১৯জনক নিযুক্তি দিয়ে ৷ পৰৱর্তী সময়ত বিভাগটোৱে তিনি শতাধিক শ্বহীদ–নির্যাতিত পৰিয়ালৰ সদস্যক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত সংস্থাপন দিয়া হ’ব বুলি আশ্বাস দি আহিছে ৷ কিন্তু আজিৰ তাৰিখত তিনি শতাধিক সদস্যৰ এজনো সদস্যই সংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ চৰকাৰী সংস্থাপনৰ আশাত সদস্যসকলে দিছপুৰস্থিত অসম সচিবালয়লৈ বহু আশাৰে তাঁত–বাটি কাঢ়িও বিভাগটোৰ বৰমূৰীয়া বিষয়াসকলৰ আশ্বাসৰ বাহিৰে চাকৰি লাভ কৰিবলৈ সক্ষম নহ’ল ৷ ফলত পৰিৱর্তনকামী চৰকাৰখনৰ দিনত চৰকাৰী সংস্থাপন হ’বই বুলি আশা পালি থকা সদস্যসকলে অসম চুক্তি ৰূপায়ণ বিভাগৰো মন্ত্রীৰ দায়িত্বত থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ হস্তক্ষেপ দাবী কৰিছে ৷ এইক্ষেত্রত সদৌ অসম শ্বহীদ–নির্যাতিত পৰিয়াল পৰিষদৰ মুখ্য সম্পাদক মাণিক চন্দ্র দেৱনাথে তীব্র প্রতিক্রিয়া কৰি কয় যে অসম চুক্তি ৰূপায়ণ বিভাগে বিগত ২০১৪ চনৰ পৰা চলিত বর্ষলৈ ৬টা বছৰে শ্বহীদ–নির্যাতিত পৰিয়ালৰ সংস্থাপনৰ বিষয়টোক লৈ ল’ৰা–ধেমালি কৰি আছে ৷ বিভাগটোৱে ২০১৬ চনত কেইজনমান সদস্যক আৰু ২০১৮ চনত ৯জন সদস্যক এপিএছপিএ ৰুল ১৯৯৯ৰ আধাৰত কোনো মৌখিক আৰু লিখিত পৰীক্ষা নিদিয়াকৈ ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগত সংস্থাপন দিয়ে ৷ তেন্তে বাকী বিভাগসমূহে একেই আধাৰত তিনি শতাধিক সদস্যক নিযুক্তিৰ ব্যৱস্থা কৰাত অৱহেলা কৰিছে কিয় ? এইক্ষেত্রত বিভাগীয় মন্ত্রী তথা মুখ্যমন্ত্রীয়ে প্রয়োজনীয় পদক্ষেপ গ্রহণ নকৰাৰ কাৰণ কি ? চৰকাৰে অকল শ্বহীদ পৰিয়ালক ৫ লাখ, গুলীবিদ্ধসকলক ২ লাখ টকাকৈ দি দায়িত্ব সামৰিলে ৷ কিন্তু এইক্ষেত্রত আন্দোলনত পংগু আৰু নির্যাতিতসকল উপেক্ষিত হৈ ৰ’ল ৷ এইসকলক কিয় আর্থিক সাহায্যৰ পৰা বঞ্চিত কৰা হ’ল সেয়া ৰহস্যজনক ৷ চৰকাৰে অহা ৩১ ডিচেম্বৰৰ ভিতৰত বঞ্চিত সদস্যসকলক সংস্থাপন আৰু সাহায্যৰ যদি ব্যৱস্থা নকৰে তেন্তে পৰিষদে অহা জানুৱাৰী মাহৰ পৰা দিছপুৰ লাষ্টগেটত অনির্দিষ্টকালীন আমৰণ অনশন কার্যসূচী ৰূপায়ণ কৰিব ৷ এই কার্যসূচীত কিবা অঘটন ঘটিলে তাৰ বাবে চৰকাৰেই দায়ী হ’ব বুলিও মাণিক চন্দ্র দেৱনাথে কয় ৷

You might also like