নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রোনেৰে কৰিব নিৰীক্ষণঃ মহানগৰীত কটকটীয়া কৰা হৈছে নিৰাপত্তা

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলন অব্যাহত থকাৰ সময়তে গুৱাহাটীত প্রথমবাৰলৈ অনুষ্ঠিত হ’বলগীয়া খেল’ ইণ্ডিয়া কার্যসূচীৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা৷

মাজত মাথোঁ এদিন বাকী থকা অৱস্থাত খেল’ ইণ্ডিয়াত অংশগ্রহণ কৰিবলগীয়া খেলুৱৈ আৰু ক্রীড়া সংগঠক তথা বিষয়ববীয়াসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে মহানগৰ আৰক্ষীয়ে কেতবোৰ বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷

সেই অনুসৰি খেল অনুষ্ঠিত হ’বলগীয়া স্থানসমূহ চিচি টিভি নিৰীক্ষণত ৰখাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে৷ একেদৰে খেলুৱৈসমূহ থাকিবলগীয়া মহানগৰীৰ হোটেলসমূহ নিৰীক্ষণ কৰিব আৰক্ষীয়ে৷

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই সদৰী কৰা অনুসৰি, খেলুৱৈ আৰু ক্রীড়া সংগঠকসকলে বাহৰ পাতিবলগীয়া হোটেলসমূহত নিয়োগ কৰা হ’ব আৰক্ষী–নিৰাপত্তাৰক্ষ্ লোক৷ হোটেলসমূহৰ বাহিৰে–ভিতৰে নিৰাপত্তাৰক্ষী নিয়োজিত কৰি খেলুৱৈসকলে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ প্রতি নজৰ ৰাখিব মহানগৰ আৰক্ষীয়ে৷ ইতিমধ্যে ইয়াৰ বাবে প্রয়োজন হ’বলগীয়া অতিৰিক্ত আৰক্ষী–নিৰাপত্তাৰক্ষ্ আন জিলাৰ পৰা সাময়িকভাৱে গুৱাহাটীলৈ অনা হৈছে৷

একেদৰে খেল’ ইণ্ডিয়াৰ সময়ছোৱাত মহানগৰীত নিৰাপত্তাজনিত দিশসমূহ চোৱা–চিতাৰ বাবে আৰক্ষীয়ে ব্যৱহাৰ কৰিব ড্রোন কেমেৰা৷ তদুপৰি খেলুৱৈ তথা ক্রীড়া সংগঠক আৰু বিষয়ববীয়াৰ বাবে ব্যৱহাৰ কৰিবলগীয়া বাছসমূহত স্থাপন কৰা হ’ব জি পি এছ৷

একেদৰে খেল’ ইণ্ডিয়াৰ সময়ছোৱাত ষ্টেডিয়ামসমূহৰ লগতে হোটেল আৰু আন আন স্থানত সামৰিক পোছাকৰ উপৰি অসামৰিক পোছাকত অধিক আৰক্ষী–নিৰাপত্তাৰক্ষ্ লোক নিয়োজিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে মহানগৰ আৰক্ষীয়ে৷ খেল’ ইণ্ডিয়াৰ খেলুৱৈ আৰু ক্রীড়া সংগঠকসকলক অনা–নিয়া কৰা বাছসমূহক এছক’ট প্রদান কৰিব মহানগৰ আৰক্ষীয়ে৷

উল্লেখ্য যে ১০ জানুৱাৰীৰ পৰা ১২ দিনীয়া কার্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া খেল’ ইণ্ডিয়াত ৬,৮০০ খেলুৱৈৰ উপৰি সহস্রাধিক ক্রীড়া সংগঠক তথা বিষয়ববীয়াই অংশগ্রহণ কৰিব৷ ইতিমধ্যে গুৱাহাটীৰ প্রায় ১৭০খন হোটেল খেলুৱৈ আৰু ক্রীড়া সংগঠকসকলক ৰখাৰ বাবে বুকিং কৰা হৈছে৷

You might also like