নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুধনৈৰ পাছত লক্ষ্য দিল্লীঃ গোৱালপাৰা ক’ৰ্টত হাজিৰ ৩ আইছিছ

আৰক্ষীৰ মাৰাথন জেৰাত বিস্ফোৰক তথ্য দিছে মৌলবাদীকেইজনে

নিয়মীয়া বাৰ্তা,৭ ডিচেম্বৰঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ৩ দুর্ধর্ষ আইছিছ সদস্যক আজি গোৱালপাৰা আদালতত হাজিৰ কৰোৱা হ’ব ৷ যোৱা ২৫ নৱেম্বৰত গোৱালপাৰা চহৰৰ মধুবন লজৰ পৰা বহু বিস্ফোৰক সামগ্রীসহ দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল লুইত জামাল, মুক্কাদিৰ ইছলাম আৰু ৰঞ্জিত আলী নামৰ দুর্ধর্ষ সন্ত্রাসবাদীকেইজনক ৷ পিছত গোৱালপাৰা আৰক্ষীয়ে তিনিওকে ২৬ নৱেম্বৰত গোৱালপাৰা আদালতত হাজিৰ কৰাই ১২ দিনৰ জিম্মাত লৈছিল ৷ সন্ত্রাসবাদীকেইজনক আৰু অধিক জেৰাৰ বাবে গুৱাহাটীলৈ নিয়া হৈছিল যদিও বৃহস্পতিবাৰে বিয়লি পুনৰ গোৱালপাৰালৈ অনা হয় ৷ ইফালে, বিগত কেইবাদিনে গোৱালপাৰা সদৰ থানাত থকা সন্ত্রাসবাদীকেইজনক মাৰাথন জেৰা কৰিছিল আৰক্ষীয়ে ৷ আৰক্ষীৰ জেৰাত বহু বিস্ফোৰক তথ্য দিছে সন্ত্রাসবাদীকেইজনে ৷ এক বিশেষ সূত্রে লাভ কৰা তথ্য অনুসৰি, সন্ত্রাসবাদীকেইজনৰ মূল অভিযুক্ত লুইত জামাল হ’ল আইছিছৰ মূল যোগসূত্রকাৰী ৷ তিনিওজনে দুধনৈ ৰাসৰ অন্তিম দিনা সন্ধিয়া ৭ৰ পৰা ৮ বজাৰ ভিতৰত ৰাসস্থালীত বোমা সংস্থাপনৰ পৰিকল্পনা কৰিছিল ৷ কিয়নো দুধনৈত বোমা বিস্ফোৰণ কৰিব পাৰিলে দিল্লীৰ কোনো জনবহুল এলেকাত বিস্ফোৰণৰ দায়িত্ব আছিল এই ৩ সন্ত্রাসবাদীৰ ওপৰত ৷ ইতিমধ্যে গোৱালপাৰা আৰক্ষীৰ আগত বহু ভয়ানক তথ্য প্রকাশ কৰিছে সন্ত্রাসবাদীকেইজনে ৷ গ্রেপ্তাৰ কৰাৰ পিছত ১২ দিন ধৰি আৰক্ষীৰ জিম্মাত থকা সন্ত্রাসবাদীকেইজনক আজি পুৱাৰ ভাগত গোৱালপাৰা আৰক্ষীয়ে গোৱালপাৰা জিলা আদালতত হাজিৰ কৰাব বুলি জানিব পৰা হৈছিল ৷ আৰক্ষীয়ে অধিক তদন্তৰ বাবে পুনৰ ১৫ দিনৰ জিম্মাত বিচাৰিব সন্ত্রাসবাদীকেইজনক ৷ ইফালে, সন্ত্রাসবাদীকেইজনৰ কঠোৰ শাস্তি বিচাৰিছে গোৱালপাৰাৰ বিভিন্ন দল–সংগঠনে৷ অকল গোৱালপাৰাই নহয়, সমগ্র দেশৰ পৰাই মৌলবাদী সন্ত্রাসবাদীক পুলিয়ে–পোখাই উভালি পেলোৱাৰ বাবে কেন্দ্রীয় চৰকাৰক কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ বাবে আহ্বান জনায় গোৱালপাৰা জিলা ছাত্র সন্থাৰ সভাপতি অভিজিৎ নাথ আৰু সম্পাদক বেদান্ত কাশ্যপে ৷

You might also like