নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধঁপাত সেৱনঃ বছৰি গড়ে ১২,০০০ জন কেঞ্চাৰত আক্রান্ত

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ ধঁপাত জাতীয় দ্রব্য সেৱনৰ ফলত ৰাজ্যখনত বছৰি গড়ে ১২,০০০ লোক কেঞ্চাৰত আক্রান্ত হয় ৷ বিধায়ক ৰ’জলীন তির্কীৰ এক প্রশ্ণৰ উত্তৰত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে ৷ সদনত মন্ত্রী ড০ শর্মাই কয় যে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা পোৱা তথ্য অনুযায়ী ৰাজ্যখনত ২০১৫ চনত আনুমানিক ১২,০০০জন, ২০১৬ চনত আনুমানিক ১২,০০০জন, ২০১৭ চনত আনুমানিক ১২,০০০জন কেঞ্চাৰ ৰোগত আক্রান্ত হয় ৷  অৱশ্যে ২০১৮ চনৰ তথ্য নেচনেল চেণ্টাৰ অৱ ডিজিজ ইনফৰমেটিকছ এণ্ড ৰিছার্চ আই চি এম আৰৰ পৰা প্রকাশ হোৱা নাই ৷ ইপিনে ৰাজ্যখনত বর্তমান কোনো ধঁপাত জাতীয় দ্রব্যৰ উদ্যোগ নাই বুলিও মন্ত্রী ড০ শর্মাই মন্তব্য কৰে ৷ ইপিনে মন্ত্রী ড০ শর্মাই আৰু কয় যে চৰকাৰে স্বাস্থ্য বিভাগত ‘ফুড ছেফটি এণ্ড ষ্টেণ্ডার্ডছ (প্রহিবিচন এণ্ড ৰেষ্টিকচনছ অন ছেলছ) ৰেগুলেচন ২০১১ৰ ৰেগুলেচন ২.৩.৪ৰ অন্তর্গত ২২ নৱেম্বৰত এক জাননীৰ জৰিয়তে যিসমূহ খাদ্য–সামগ্রীত ধঁপাত ব্যৱহাৰ হয়, তেনেবোৰ খাদ্য–সামগ্রীৰ প্রস্তুতকৰণ, মজুত, বিক্রী, পৰিৱেশন আৰু পৰিবহণ পুনৰ এবছৰৰ বাবে অসমত নিষিদ্ধ কৰা হৈছে ৷

You might also like