নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও চৰকাৰী বালক উঃ মাঃ বিদ্যালয়ত নামভর্তি কৰিবলৈ হেতাওপৰা

অসমীয়া চৰকাৰী শিক্ষানুষ্ঠানলৈ আশাৰ ৰেঙনি

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ যিটো সময়ত বেচৰকাৰী, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ আগ্রাসনত অসমত চৰকাৰী অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানসমূহ প্রত্যাহ্বানৰ সন্মুখীন হৈছে, অভিভাৱক সমাজে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহত নিজৰ নিজৰ সন্তানক নামভর্তিৰ বাবে অঘোষিত প্রতিযোগিতাত নামি পৰিছে, তেনে সময়তে ২০২০ বর্ষৰ বাবে নিজৰ সন্তানক চৰকাৰী শিক্ষানুষ্ঠানত নামভর্তিৰ বাবে অভিভাৱকসকল ঢাপলি মেলাটো তাৎপর্যপূর্ণ বিষয় হিচাপে বিবেচিত হৈছে ৷ অসমীয়া মাধ্যমৰ একাংশ চৰকাৰী শিক্ষানুষ্ঠান, ছাত্র–ছাত্রীৰ অভাৱত বা গুণগত শিক্ষাৰ অভাৱত এখনৰ পিছত আন এখনকৈ বন্ধ হৈ পৰিছে, সেই সময়তে অভিভাৱকসকলে নিজৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰোৱাৰ বাবে আগ্রহ প্রকাশ কৰাটো অসমৰ শিক্ষা ক্ষেত্রখনৰ বাবে এক আশাপ্রদ বিষয় হিচাপে চিহ্ণিত হৈছে ৷ ৰাজ্যখনৰ চৰকাৰী মাধ্যমৰ বহুকেইখন শিক্ষানুষ্ঠানৰ লগতে মধ্য অসমৰ প্রাচীন চৰকাৰী শিক্ষানুষ্ঠান নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিজৰ সন্তানৰ নামভর্তিৰ বাবে অভিভাৱকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে ১৮৬৫ চনত ব্রিটিছৰ আমোলত প্রতিষ্ঠা কৰা এই শিক্ষানুষ্ঠানখনে ইতিমধ্যে ১৫৫টা বছৰ অতিক্রম কৰিছে ৷ এই দীঘলীয়া সময়ছোৱাত এই বিদ্যালয়ত শিক্ষা সাং কৰি যোৱা বহু ছাত্র সাহিত্য, সংস্কৃতি, সমাজসেৱা, ৰাজনীতি, অর্থনীতি আদি ক্ষেত্রত ৰাজ্যখনৰ লগতে দেশ বিদেশৰ বিভিন্ন স্থানত নিয়োজিত হৈ নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ শিক্ষানুষ্ঠানখনৰ গুণগত শিক্ষা আৰু শিক্ষক–শিক্ষয়িত্রীসকলে একান্ত নিষ্ঠাসহকাৰে পাঠদান কৰাৰ বাবে ছাত্রৰ আগমন বৃদ্ধি হৈছে ৷ তদুপৰি, পৰীক্ষাৰ ফলাফলে অভিভাৱকসকলক বিদ্যালয়খনৰ প্রতি আকর্ষিত কৰিছে ৷ চলিত বর্ষত শিক্ষানুষ্ঠানখনত ষষ্ঠমান শ্রেণীত নামভর্তি কৰিবলৈ শিক্ষানুষ্ঠানখনত অভিভাৱকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ শিক্ষানুষ্ঠানখনত ষষ্ঠমানত অধ্যয়নৰ বাবে মাত্র ১১০খন আসনহে আছে ৷ এই ১১০খন আসনৰ বিপৰীতে প্রায় তিনি শতাধিক ছাত্র–ছাত্রীৰ অভিভাৱকসকলে প্র–পত্র পূৰণ কৰিছে ৷ এনেদৰে বৃহৎ সংখ্যকে নামভর্তিৰ বাবে আবেদন কৰাত বিপাঙত পৰিছে বিদ্যালয় কর্তৃপক্ষ ৷

বিদ্যালয়খনৰ অধ্যক্ষা দীপিকা লস্কৰে জনোৱা মতে, শিক্ষানুষ্ঠানখনৰ পৰিৱেশ আৰু আন্তঃগাঁথনি যথেষ্ট উন্নত ৷ তদুপৰি শৈক্ষিক, সাংস্কৃতিক, নৃত্য–গীত, এন চি চি, সাহিত্য চর্চাৰ ক্ষেত্রত বছৰেকীয়া আলোচনী, প্রাচীৰপত্রিকা, কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা, খেল–ধেমালি, উৎসৱ, দিৱস উদ্যাপন আদিৰ জৰিয়তে ছাত্রসকলক বিভিন্ন দিশৰ উৎকর্ষ সাধনৰ বাবে প্রয়াস কৰি আহিছে ৷ শিক্ষাৰ বাবে এনে সুন্দৰ পৰিৱেশ থকাৰ পিছতো শিক্ষাদানৰ ক্ষেত্রত শিক্ষানুষ্ঠানখনৰ মূল সমস্যাটো হৈছে শিক্ষকৰ অভাৱ ৷ শিক্ষানুষ্ঠানখনত বর্তমান ১৫টাৰো অধিক শিক্ষক–শিক্ষয়িত্রীৰ পদ খালী আছে ৷ দীর্ঘদিন ধৰি শিক্ষকৰ পদ খালী থকাত শিক্ষানুষ্ঠানখনত পাঠদান প্রক্রিয়াত সমস্যাৰ সৃষ্টি হৈছে ৷ বিশেষকৈ বিজ্ঞান, ইংৰাজী, গণিত আদি বিষয়ত শিক্ষকৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে ৷ গুৰুত্বপূর্ণ কথাটো হ’ল ২০০৬–০৭ বর্ষৰ পিছৰ পৰা শিক্ষানুষ্ঠানখনৰ পৰা বহু শিক্ষকে অৱসৰ গ্রহণ কৰিছে যদিও আজিলৈকে এই খালী পদসমূহত শিক্ষক নিযুক্তি হোৱা নাই ৷ ইপিনে, অহা মার্চৰ ভিতৰত আৰু তিনিজন শিক্ষকে অৱসৰ গ্রহণ কৰিব ৷ বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত যদিও শ্রেণীকোঠাৰ অভাৱ ৷ চৰকাৰে শ্রেণীকোঠাৰ অভাৱ দূৰ কৰাৰ লগতে খালী থকা শিক্ষকৰ পদ পূৰণৰ ব্যৱস্থা কৰিলে শিক্ষানুষ্ঠানখনত অধিক ছাত্রক অধ্যয়নৰ সুবিধা দিব পৰা যাব বুলি বিদ্যালয়খনৰ কর্তৃপক্ষই জানিবলৈ দিয়ে ৷

You might also like