নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিলামৰ বাবে সাজু অসমৰ দুখনকৈ সম্ভাৱনাময় তৈলক্ষেত্র

ই–নিবিদা আহ্বান কেন্দ্রৰ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ দেশৰ তৈল সম্পদৰউদাৰীকৰণ নীতিৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ পুনৰ মুকলি কৰিলে অ’পেন এক্রিজেছ লাইচেন্সিং পলিচী, চমুকৈ অ’ এ এল পিৰ পঞ্চম পর্যায়ৰ নিলাম (অক্সন) প্রক্রিয়া ৷ যোৱা ১৪ জানুৱাৰীৰ দিনা ই–নিবিদাযোগে এই তৈলক্ষেত্র নিলাম প্রক্রিয়াত অন্তর্ভুক্ত হৈছে অসমৰ দুখনকৈ সম্ভাৱনাময় তৈলক্ষেত্র অঞ্চল ৷ অসমৰ ২,৪০৫.১২বর্গ কিলোমিটাৰ বিস্তৃত এ এ অ’ এন এইচ পি ২০১৯–২ আৰু অৰুণাচল প্রদেশৰ ১২৭৮.২৮ বর্গ কিলোমিটাৰ বিস্তৃত এ এ অ’ এন এইচ পি ২০১৯ৰ তৈলক্ষেত্র অঞ্চল এই নিলাম প্রক্রিয়াত মুকলি কৰা হৈছে ৷

দেশৰ প্রথম শ্রেণীৰ বেছিন ৰূপে পৰিচিতি লাভ কৰা অসম ছেল্ফ অৱবাহিকাৰ অন্তর্ভুক্ত উক্ত দুয়োখন তৈলক্ষেত্র অঞ্চলৰ নিলাম প্রক্রিয়া অন্ত পৰিব চলিত বর্ষৰ ১৮ মার্চৰ ১২ বজাত ৷ কেন্দ্রীয় চৰকাৰে মুকলি কৰা তৈলক্ষেত্র নিলাম প্রক্রিয়াৰ যোগেদি অসমৰ দুখনকৈ বৃহৎ তৈলক্ষেত্র অঞ্চলৰ স্বত্ব ব্যক্তিগত খণ্ডৰ অধীনলৈ যোৱাৰ পথ পুনৰ প্রশস্ত হৈছে ৷ যদিহে অইল ইণ্ডিয়া লিমিটেড তথা অ’ এন জি চিয়ে অসমৰ উক্ত দুয়োখন তৈলক্ষেত্র অঞ্চলৰ স্বত্ব লাভত ব্যর্থ হয়, তেন্তে অনিল আগৰৱালাৰ মালিকানাধীন বেদান্ত লিমিটেড, ব্রিটিছ পেড্র’লিয়াম আৰু ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ দৰে আন কোনোবা বহুজাতিক কর্প’ৰেটে লাভ কৰিব পাৰে অতিকৈ সম্ভাৱনাময় উক্ত তৈলক্ষেত্র অঞ্চলৰ খনন স্বত্ব ৷ উল্লেখ্য যে, অ’পেন এক্রিজেছ লাইচেন্সিং পলিচী, চমুকৈ অ’ এ এল পিৰ পঞ্চম পর্যায়ৰ নিলাম প্রক্রিয়াত দেশৰ মুঠ আঠটাকৈ অৱবাহিকাত বিস্তৃত ১১খন বৃহৎ তৈলক্ষেত্র অঞ্চলক খনন তথা উৎপাদন স্বত্ব নিলামৰ বাবে মুকলি কৰা হৈছে ৷

ইয়াৰে ছখন তৈলক্ষেত্র অঞ্চল দেশৰ অতিকৈ সম্পদশালী তৈলক্ষেত্র অঞ্চল ৰূপে শ্রেণীভুক্ত প্রথম শ্রেণীৰ অৱবাহিকাৰ ভূ–স্থলত অৱস্থিত ৷ ক্রমে দ্বিতীয় আৰু তৃতীয় শ্রেণীৰ অৱবাহিকাৰ ভূ–স্থলত অৱস্থিত দুখন তৈলক্ষেত্র অঞ্চল, আন দুখন নদীস্থলত আৰু এখন অতি গভীৰ জলস্তৰৰ তৈলক্ষেত্র অঞ্চল ৰূপে চিহ্ণিত কৰি নিলাম প্রক্রিয়াৰ বাবে সাজু কৰা হৈছে ৷ যথা অনুসৰি অসম–ৰুণাচলৰ দুখনকৈ তৈলক্ষেত্র অঞ্চলকে ধৰি ৰাজস্থানৰ দুখন, গুজৰাটৰ তিনিখন, পশ্চিমবংগ আৰু ওড়িশাৰ বিস্তৃত এখন তৈলক্ষেত্র অঞ্চল, পশ্চিম অফশ্ব’ৰৰ সৌৰাষ্ট্র আৰু মুম্বাই অৱবাহিকাৰ একোখনকৈ তৈলক্ষেত্র অঞ্চল, দক্ষিণ অফশ্ব’ৰৰ কাবেৰী অৱবাহিকাৰ এখন তৈলক্ষেত্র অঞ্চল কেন্দ্রীয় পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ে নিলামৰ বাবে অন্তর্ভুক্ত কৰিছে ৷ প্রস্তাৱিত সমগ্র নিলাম প্রক্রিয়াত ৪০০–৪৫০ নিযুত মার্কিন ডলাৰৰ ব্যৱসায়িক মূল্যৰ খাৰুৱা তেল তথা প্রাকৃতিক গেছৰ অন্বেষণ কার্য সম্পন্ন হোৱাৰ আশা পোষণ কৰিছে কেন্দ্রীয় চৰকাৰে ৷ অ’ এল পিৰ পঞ্চম পর্যায়ৰ নিলাম প্রক্রিয়াত দেশৰ ১৯,৮০০ বর্গ কিলোমিটাৰ অঞ্চল সামৰি লোৱা হৈছে৷ পূর্বতকৈ ইয়াৰ মাটিকালিৰ পৰিমাণ বৃদ্ধি পাইছে ২,৩৬,৬০০ বর্গ কিলোমিটাৰলৈ ৷

You might also like