নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমগৰাকী অসমীয়া লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতা থ্রী ক’ৰৰ জি’চি

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ লেফটেনেণ্ট জেনেৰেল ৰাণাপ্রতাপ কলিতাক ভাৰতীয় সেনাবাহিনীৰ ডিমাপুৰৰ ৰাঙাপাহাৰস্থিত ৩ ক’ৰৰ জি অ’ চি হিচাপে নিযুক্তি দিয়া হৈছে ৷ ভাৰতীয় সেনাবাহিনীৰ যিকোনো ক’ৰৰ জি অ’ চি পদত অধিষ্ঠিত হোৱা লেফটেনেণ্ট জেনেৰেল কলিতাই হৈছে প্রথমগৰাকী অসমীয়া আৰু উত্তৰ–পূর্বাঞ্চলৰ দ্বিতীয়গৰাকী সেনা বিষয়া ৷ সম্প্রতি কলকাতাৰ ফ’ট উইলিয়ামত থকা ইষ্টার্ন কমাণ্ডাৰ চীফ অৱ ষ্টাফ হিচাপে কার্যনির্বাহ কৰি থকা লেফটেনেণ্ট জেনেৰেল কলিতাৰ জন্ম হৈছিল কামৰূপ জিলাৰ ৰঙিয়াত ৷ গোৱালপাৰা সৈনিক স্কুলৰ প্রাক্তন ছাত্র লেফটেনেণ্ট জেনেৰেল কলিতাই ইতিপূর্বে সেনাবাহিনীৰ বহু গুৰুত্বপূর্ণ পদত কার্যনির্বাহ কৰিছিল ৷ উৰি আক্রমণৰ সময়ত তেওঁ জম্মু–কাশ্মীৰৰ বাৰামুলাস্থিত ১৯ ইনফেণ্ড্রী ডিভিজনৰ জি অ’ চি আছিল ৷ সেনাবাহিনীৰ প্রতি আগবঢ়োৱা সেৱাৰ বাবে তেওঁ ‘সেনা মেডেল’, ‘বিশিষ্ট সেনা মেডেল’ আৰু ‘অতি বিশিষ্ট সেনা মেডেল’ৰে বিভূষিত হৈছে ৷

You might also like