নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংগালুৰুত আছাম ছ’চাইটীৰ উদ্যোগত অসমীয়াৰ বিক্ষোভ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বাংগালুৰুতো জাগি উঠিছে প্রবাসী অসমীয়াসকল ৷ অসমৰ পৰা গৈ বাংগালুৰুত বাস কৰা অসমীয়াসকলে আছাম ছ’চাইটীৰ বেনাৰত শনিবাৰে কেন্দ্রীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰে ৷ এক প্রতিবাদী সমাৱেশত আছাম ছ’চাইটীৰ সাধাৰণ সম্পাদক হীৰকজ্যোতি কাকতিয়ে কয়– ‘আমি নাগৰিকত্ব সংশোধনী আইন–২০১৯ৰ বিৰোধিতা কৰোঁ ৷ যদি চৰকাৰে এই আইন বাতিল নকৰে তেন্তে আমাৰ প্রতিবাদ অব্যাহত থাকিব ৷’

You might also like