নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি অবিহনে বিটিচিত চৰকাৰ গঠন হ’ব নোৱাৰেঃ ৰঞ্জিত দাস

ওদালগুৰিত বিজেপি প্রার্থীক লৈ বিশাল সমদল

নিয়মীয়া বার্তা, ১৯ মার্চঃ বিটিচি অঞ্চলত বিজেপিৰ চাৰি লাখ কর্মকর্তাই বিচাৰিছে বাবে আমি পৰিষদীয় নির্বাচনত অকলে প্রতিদ্বন্দ্বিতা কৰিছোঁ আৰু দলীয় কর্মকর্তাৰ উৎসাহ আৰু সঁহাৰিয়ে এয়া নিশ্চিত কৰি তুলিছে যে বিজেপি অবিহনে বিটিচি পৰিষদ গঠন হ’ব নোৱাৰে ৷ –এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ ৷ বুধবাৰে বিটিচি নির্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা ওদালগুৰিত এক বিশাল গণ সমাৱেশত অংশগ্রহণ কৰি বিজেপিৰ কর্মী–সমর্থকসকলক সম্বোধন কৰি দিয়া ভাষণত এই মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৷ তেওঁ লগতে পৰিষদৰ ৪০টা সমষ্টিৰ ভিতৰত ২৬টা সমষ্টিত বিজেপি দলে প্রার্থী প্রক্ষেপ কৰাৰ কথা উল্লেখ কৰি আটাইকেইটা সমষ্টিতেই বিজেপি প্রার্থীৰ জয়ৰ পূর্ণ সম্ভাৱনা আছে বুলি সদৰী কৰে ৷ তেওঁ অঞ্চলটোৰ সর্বাংগীণ উন্নয়নৰ লগতে সম–উন্নয়ন আৰু সমঅধিকাৰ প্রতিষ্ঠাৰ বাবে ৰাইজক ভাৰতীয় জনতা পার্টীৰ সপক্ষে ভোটদান কৰিব বুলিও আশা প্রকাশ কৰে ৷

ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজয় হাজৰিকাই আঁতধৰা সভাত ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কয়– বিটিচিৰ সামগ্রিক বিকাশৰ স্বার্থত কাকো শত্রু হিচাপে গণ্য নকৰাকৈ দলীয় কর্মকর্তাসকলৰ আৱেগ–অনুভূতি আৰু আগ্রহৰ প্রতি দৃষ্টি ৰাখি অকলে নির্বাচনত অংশগ্রহণ কৰি মুঠ ২৬টা সমষ্টিত প্রার্থিত্ব প্রদান কৰিছো আৰু সকলোৱে জয়ী হৈ আহিব বুলি আমি আশাবাদী ৷ তেওঁ লগতে আগন্তুক পৰিষদীয় নির্বাচন বিটিচি অঞ্চলত থকা বিজেপি দলৰ কর্মকর্তাসকলৰ অগ্ণিপৰীক্ষা বুলিও উল্লেখ কৰে ৷ সভাত ওদালগুৰি জিলা বিজেপিৰ সভাপতি কার্তিক চন্দ্র বড়ো, বিজেপি চাহ মর্চাৰ নেতা জিতু কিষাণ আদি কেইবাজনো লোকে বিটিচি অঞ্চলত এইবাৰ বিজেপিৰ নেতৃত্বতেই পৰিষদ গঠন হ’ব বুলি দাবী কৰি সকলো কর্মকর্তাক দলীয় স্বার্থত নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায় ৷

ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘ প্রাংগণত আয়োজিত বিশাল গণ সমাৱেশৰ পিছত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু সাংসদ দিলীপ শইকীয়াই বিজেপি দলৰ মনোনীত প্রার্থীসকলক লগত লৈ এক বিশাল সমদল উলিয়ায় ৷ বেণ্ডপার্টীৰ দলৰ লগতে নৃত্যশিল্পীৰ দলক লগত লৈ উলিওৱা বিশাল শোভাযাত্রা ওদালগুৰি সাপ্তাহিক বজাৰ হৈ জিলা উপায়ুক্তৰ কার্যালয়লৈ গৈ বিজেপি দলৰ পাঁচগৰাকী প্রার্থীৰ মনোনয়ন দাখিল কৰে ৷ বিজেপি দলৰ হৈ ৩৬ নং হৰিশিঙা সমষ্টিৰ পৰা ৰিঞ্জয় বডো, ৩৭ নং ধনশ্রী সমষ্টিৰ পৰা ৰাধেশ্বৰী বডো, ৩৮ নং ভৈৰৱকুণ্ড সমষ্টিৰ পৰা বিৰদাও বসুমতাৰী (বিনোদ), ৩৯ নং পাচনৈ চেৰফাং সমষ্টিৰ পৰা দীপক মৌৰ আৰু ৪০ নং ৰৌতা সমষ্টিৰ পৰা কষ্টৰাম বাগ্লাৰীয়ে মনোনয়ন দাখিল কৰে ৷

You might also like