নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভাৰ প্রৱেশ দ্বাৰতে ফুটিল আৰক্ষীৰ গুলী

অজন্তা নেওগৰ দেহৰক্ষীৰ অসাৱধানতা

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ অসম বিধানসভাৰ সন্মুখত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ মহানগৰীৰ দিছপুৰস্থিত বিধানসভাৰ মূল প্রৱেশদ্বাৰত অতর্কিতে সংঘটিত হয় ঘটনাটো ৷ সেই স্থানত থকা এজন আৰক্ষীৰ কার্বাইনৰ পৰা হঠাৎ এটা গুলী ফুটি ওলাই যায় ৷ দিন–দুপৰতে সংঘটিত এই ঘটনাই বিধানসভা চৌহদত আতংক সৃষ্টি কৰে ৷

দিছপুৰ থানাৰ আৰক্ষীয়ে জনোৱা মতে, প্রাক্তন মন্ত্রী অজন্তা নেওগৰ এজন দেহৰক্ষী জিতেন গগৈৰ কার্বাইনৰ পৰা ভুলবশতঃ ওলাই যায় এটা গুলী ৷ সেই সময়ত অজন্তা নেওগ সচিবালয়ৰ ভিতৰত আছিল ৷ জানিব পৰা মতে, সচিবালয়ৰ বাহিৰত অর্থাৎ বিধানসভাৰ মূল প্রৱেশদ্বাৰৰ সন্মুখত ৰৈ থকা দেহৰক্ষী জিতেন গগৈৰ বেল্ট ছিঙি ফুটপাথত কার্বাইনটো পৰি যোৱাৰ ফলত এটা গুলী ফুটি ওলাই যায় ৷

সৌভাগ্যক্রমে গুলীটো সেই স্থানত থকা কোনো এজন মানুহৰ গাত নলগাকৈ পাৰ হৈ যায় ৷ স্বাভাৱিকতে এই ঘটনাই উক্ত স্থানত আতংক সৃষ্টি কৰে ৷ উল্লেখ্য যে গুলীটো ওচৰতে থকা এখন দেৱালত আঘাত কৰাত দেৱালখনৰ কিছু ক্ষতি হয় ৷ ইফালে ঘটনাটো সংঘটিত হোৱাৰ পাছতে দেহৰক্ষী জিতেন গগৈক দিছপুৰ থানালৈ লৈ যোৱা হয় ৷ থানাত দেহৰক্ষী গগৈক কি পৰিস্থিতিত তেওঁৰ লগত থকা কার্বাইনৰ গুলী ফুটিল, সেই বিষয়ে সোধা–পোছা কৰা হ’ব বুলি দিছপুৰ আৰক্ষীয়ে জানিবলৈ দিছে ৷ লগতে এইক্ষেত্রত গাফিলতি থাকিলে বিভাগীয় নিয়ম অনুসৰি জিতেন গগৈৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও দিছপুৰ আৰক্ষীয়ে জনায় ৷

You might also like