নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী কংগ্রেছ-এআইইউডিএফৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী কৰিছে কংগ্রেছ দলে ৷ কংগ্রেছ বিধায়িনী দলৰ নেতা তথা বিৰোধী দলপতি দেৱব্রত শইকীয়াই বৃহস্পতিবাৰে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামীক সাক্ষাৎ কৰি বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী জনায় ৷

কেবক কেন্দ্র কৰি উদ্ভৱ হোৱা ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি পর্যালোচনাৰ বাবে তেওঁ সেই অধিৱেশনৰ দাবী উত্থাপন কৰে ৷

আনহাতে কংগ্ৰেছৰ উপৰিও এআইইউডিএফ দলেও বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী কৰিছে ।

You might also like