নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মহামিলনৰ তীর্থ হ’ব সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন’

বস্ত্রনগৰীৰ পূর্বাঞ্চল সাহিত্য সভাক শতদল শাখা সভাৰ স্বীকৃতি

বিশেষ বার্তা, ৮ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন জাকতজিলিকা হ’ব লাগিব ৷ বিশাল লুইতৰ পাৰত এইখন অধিৱেশন হ’ব মহামিলনৰ তীর্থ৷ দেশ–বিদেশৰ শিল্পী, সাহিত্যিক, কবি, সমালোচক আদিৰে ভৰি পৰিব শুৱালকুছি অধিৱেশন৷ এই সাহিত্য–সংস্কৃতিৰ মহামেলা সফল কৰি তুলিবলৈ শুৱালকুছিবাসীয়ে হিয়া উজাৰি পূর্ণ সহযোগ আগবঢ়াব লাগিব৷ এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ ৷ শনিবাৰে শুৱালকুছি পূর্বাঞ্চল সাহিত্য সভাৰ এক বিশেষ অনুষ্ঠানত অংশ লৈ তেওঁ শুৱালকুছি অধিৱেশনে বিশ্বত এক নতুন জাতীয় বার্তা প্রেৰণ কৰিব বুলি আশা প্রকাশ কৰে ৷ ভাষণত তেওঁ অধিৱেশনত ৪খন কবি সন্মিলন অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি নাট্য সন্মিলন, সাহিত্য সন্মিলন, সাংস্কৃতিক সন্মিলন আদিও অনুষ্ঠিত হোৱাৰ কথা দোহাৰে৷ তেওঁ শুৱালকুছিৰ ভাষাবিদ প্রয়াত ভগৱান মৰল আৰু বুৰঞ্জীবিদ সুশীল শর্মাক শ্রদ্ধাৰে স্মৰণ কৰে ৷ তেওঁ কয় যে মা, মাতৃভাষা আৰু মাতৃভূমি এই তিনিটা ‘মা’ৰ কথা অন্তৰত ৰাখি যিসকলৰ জীৱন আগবাঢ়িছে তেওঁলোক কোনো দিনে পিছুৱাই আহিব নালাগে আৰু যিসকলে ‘মা’ অন্তৰত ৰখা নাই তেওঁলোক উন্নতিৰ শিখৰত গৈয়ো পিছলি পৰাৰ সম্ভাৱনা আছে ৷ এতিয়া অসমীয়াসকলৰ সংকটৰ সময় বুলি উল্লেখ কৰি তেওঁ এই সময়ত সকলোৱে ঐক্যবদ্ধ হৈ সকলো দিশতে সাৱধানে আগবঢ়াৰ বাবে আহ্বান জনায়৷ শুৱালকুছি পূর্বাঞ্চল সাহিত্য সভাৰ সভাপতি নৰেশ শর্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণী ভাষণ প্রদান কৰে যুটীয়া সম্পাদক জ্যোতিপ্রসাদ শর্মাই৷ স্থানীয় শিল্পীসকলে আৰম্ভণী সংগীত পৰিৱেশন কৰা সভাৰ আৰম্ভণিতে আঁত ধৰে সম্পাদক দিলীপ কুমাৰে৷ সভাত অসম সাহিত্য সভাৰ সভাপতি ড০ ৰাজবংশীয়ে পূর্বাঞ্চল সাহিত্য সভাক শতদল শাখা সভাৰ স্বীকৃতি পত্র প্রদান কৰে৷ অনুষ্ঠানত বিশিষ্ট চিকিৎসক ডাঃ কার্তিক চন্দ্র মেধি, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক নৃপেন্দ্র কুমাৰ ভাগৱতী, কেন্দ্রীয় কার্যনির্বাহক সদস্য পৱিত্র শর্মা, ৰমেশ ভৰালী, সেউজী চ’ৰাৰ সভাপতি মৃণাল চন্দ্র দাস, অৱসৰী কৃতী শিক্ষক শৈলেন শর্মা, শুৱালকুছি জ্যোতি সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্র ডেকা প্রমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সভাৰ পূর্বে এক শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়৷ কেওটপাৰা কলা ভৱনত অনুষ্ঠিত সভাত বহুসংখ্যক সাহিত্যপ্রেমী উপস্থিত থাকে ৷

You might also like