নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাঘৰ প্ৰথমটো মঙলবাৰে কিয় মেজি জ্বলালে মধ্যঅসমৰ ৰাইজে

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ অসমৰ ভূমি পুত্ৰ তিৱা সকলৰ স্বকীয় পৰম্পৰা আৰু ৰীতি নীতৰে এক পৰিচয় আছে। তিৱাসকলৰ ৰীতি নীতি অনুসৰিয়ে আজি পালন কৰা হয় মাঘৰ বিহু। ৰাজ্যখনৰ সৰ্বাধিক তিৱালোকৰ বসতিস্থল মধ্যঅসমত মাঘ বিহু উপলক্ষে জনগোষ্ঠীটোৱে পালন কৰিছে মাঘৰ বিহু। জাতি জনগোষ্ঠী ভেদে মাঘ বিহু পালনৰ যি সুকীয়া পৰম্পৰা আছে সেই পৰম্পৰা অক্ষুন্ন ৰাখি তিৱাসকলে কালিৰে পৰা পালন কৰিছে মাঘ বিহু ৷ উল্লেখ্য যে মাঘৰ প্ৰথমটো মঙলবাৰে তিৱাসকলে উৰুকা পাতি বুধবাৰে মেজি জ্বলাই বিহু পালন কৰে। ৷ উৰুকা দিনা বুকলুং বিলত সমূহীয়া মৎস্য চিকাৰ কৰি নিশা পৰম্পৰাগত খাদ্যৰ উপৰিও মাছ মাংসৰে সম্প্ৰীতিৰ এসাঁজ খালে তিৱা ৰাইজে।

You might also like