নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোক ভাষণ নিদিবলৈ ফোনযোগে ভাবুকি দিছে একাংশই

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ ‘‘মোক বিভিন্ন ফোন নম্বৰৰ পৰা ভাবুকি প্রদান কৰি ‘কা’ সন্দর্ভত উত্তেজিত ভাষণ প্রদান কৰিবলৈ বাধা প্রদান কৰিছে একাংশই ৷ মই কি গীত গাম, মই বিপ্লৱী শিল্পী, মোৰ তাত সেই দেশপ্রেমমূলক গীতবোৰেই আছে, মই সেয়াই গাম৷ মই ৰাইজৰ লগত আছো৷ ইয়াৰ বাবে জে’ল খাটিবলৈ মই কুণ্ঠবোধ নকৰোঁ৷ মোৰ কোনো ভয় নাই৷ জাতিটোৰ বিপদৰ সময়ত মই গীত গাই আহিছোঁ, মই কেতিয়াও ক্ষান্ত নহওঁ ৷” -ঢেকীয়াজুলিৰ কাৱৈমাৰীত বুধবাৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অনুষ্ঠিত হয় এখন বিশাল গণসমাৱেশ উপস্থিত থাকি এই মন্তব্য বিশিষ্ট সংগীত শিল্পী বিপিন চাউদাঙৰ ।

আনহাতে চৰকাৰে শিল্পীসকলক ৫০ হাজাৰ টকা দি যি শিল্পী পেন্সন দিয়াৰ ব্যৱস্থা গ্রহণ কৰিছে মই চৰকাৰক কওঁ, ৰাজ্য চৰকাৰে ‘কা’বাতিল কৰক, মই চৰকাৰক এক লাখ টকা দিম৷’ বিশিষ্ট সংগীত শিল্পী বিপিন চাউদাঙে বিশাল গণসমাৱেশত এনেদৰে মন্তব্য কৰে৷

গণসমাৱেশত বিশিষ্ট সংগীত শিল্পী বিপিন চাউদাঙৰ কথা–সুৰ–কণ্ঠৰ এক নতুন গীত ‘জাতি মাটিৰ গান’ উন্মোচন কৰা হয়৷ গীতটি উন্মোচন কৰে বিশিষ্ট সংগীত শিল্পী মানস ৰবীন, সাংবাদিক দেৱজিৎ ভূঞা, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ নাথে৷ গীতটিৰ সংগীত ব্যৱস্থাপনা কৰিছে অৰূপ দত্তই৷

দহ সহস্রাধিক ৰাইজ উপস্থিত থকা বিশাল গণসমাৱেশত বিশিষ্ট সংগীত শিল্পী মহেন্দ্র হাজৰিকা, মানস ৰবীন উপস্থিত হৈ বিপ্লৱী গীত পৰিৱেশন কৰি ৰাইজক উদ্বুদ্ধ কৰে৷

You might also like