নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্য সভাৰ নির্বাচনঃ আজি ‘ছীল’ কৰা হ’ল বেলট বাকচ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ ২০২০–২২ বর্ষৰ নির্বাচনৰ সভাপতি, উপ–সভাপতি আৰু প্রধান সম্পাদক পদৰ ভোটাদান পর্ব ইতিমধ্যে শেষ হৈছে ৷ ইপিনে বৃহস্পতিবাৰে পুৱা ১০ বজাত গুৱাহাটীৰ মেঘদূত ভৱনৰ জি পি অ’ত সংস্থাপিত ভোট বাকচটো সংবাদ মাধ্যমৰ সন্মুখত তথা প্রতিদ্বন্দ্বিতা কৰা প্রার্থী আৰু প্রতিনিধিৰ উপস্থিতিত বন্ধ কৰি ছীল কৰা হয় ৷ উল্লেখ্য যে অহা ১৫ ডিচেম্বৰত ঘোষণা কৰা হ’ব এই নিৰ্বাচনৰ ফলাফল ।

You might also like