নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ ডিচেম্বৰৰ পূর্বেই সংসদত কেব উত্থাপন-গৃহীত হ’বঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা,৩ ডিচেম্বৰঃ অহা ১০ ডিচেম্বৰৰ পূর্বেই সংসদৰ চলিত অধিৱেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন আৰু গৃহীত হ’ব ৷ সোমবাৰে ডিফু চিকিৎসা মহাবিদ্যালয় পৰিদর্শন কৰিবলৈ অহা ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢায় ৷ মন্ত্রী ড০ শর্মাই এই বিষয়ে ডিফুত সংবাদিকৰ প্রশ্নৰ উত্তৰত কয়– অহা ১০ ডিচেম্বৰৰ পূর্বেই সংসদত কেব উত্থাপন কৰা হ’ব ৷ সংসদত বিজেপিৰ সংখ্যাগৰিষ্ঠতা থকালৈ চাই বিধেয়কখন কোনোধৰণৰ বাধা অবিহনেই গৃহীত হ’ব বুলি আশা কৰিব পাৰি ৷ অৱশ্যে বিধেয়কখন গৃহীত কৰে নে নকৰে সেয়া সংসদৰ কথা ৷ সাংবাদিকৰ প্রশ্নত অসম চুক্তি সন্দর্ভতো মন্ত্রীগৰাকীয়ে গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াই কয় যে চুক্তিখনৰ ইতিবাচক দিশসমূহ গ্রহণ কৰি নেতিবাচক বিষয়সমূহ ত্যাগ কৰাৰ প্রয়োজন আছে ৷ তেওঁ আনকি চুক্তিখনৰ ৬ নং দফাৰো সংশোধনীৰ প্রয়োজন আছে বুলি উল্লেখ কৰি দফাটোত উল্লেখ থকা ‘অসমীয়া’ শব্দটো সংশোধন কৰি ‘খিলঞ্জীয়া’ শব্দৰ অন্তভুক্তিৰে অসমৰ সকলো জাতি–জনজাতিৰ স্বার্থ সুৰক্ষা কৰিব লাগিব বুলি মন্তব্য কৰে ৷ তেওঁ কয়– অসম চুক্তিত সন্নিৱিষ্ট হোৱাতকৈও ৬ নং দফাটো অধিক কঠোৰভাৱে বলৱৎ কৰিব লাগিব, যাতে কোনো খিলঞ্জীয়াৰ স্বার্থ বিঘ্ণিত নহয়৷ ষষ্ঠ অনুসূচী আৰু ইনাৰলাইন পার্মিট থকা এলেকাত নাগৰিকত্ব সংশোধনী বিধেয়ক প্রযোজ্য নহয় বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰি কয় যে এই এলেকাসমূহত ষষ্ঠ অনুসূচীৰ বিধি অনুসৰি পূর্বৰ দৰেই সকলো নীতি–নিয়ম প্রযোজ্য হৈ থাকিব৷ তেওঁ কয়– কোনো ভাৰতীয়ই এই এলেকাসমূহত মাটি–বাৰী ক্রয় কৰা বা স্বায়ত্ত পৰিষদসমূহৰ অনুমতি অবিহনে বেহা–বেপাৰ কৰিব নোৱাৰিব৷ এই এলেকাসমূহলৈ সকলো ভাৰতীয়ই ফুৰিবলৈ আহিব পাৰিব যদিও কোনোধৰণৰ সুবিধা লাভ কৰিব নোৱাৰিব৷ ৰাজ্য চৰকাৰে গ্রহণ কৰা দুটা সন্তানৰ নীতিৰ বিৰুদ্ধে ৰাজ্যৰ জনজাতীয় এলেকাসমূহত তীব্র প্রতিবাদ সাব্যস্ত হোৱা বিষয়টো মন্ত্রীগৰাকীক আঙুলিয়াই দি সাংবাদিকে এই বিষয়ে সোধা প্রশ্ণত ষষ্ঠ অনুসূচীৰ এলেকাধীন স্বায়ত্ত পৰিষদসমূহে এই বিষয়ত যি সিদ্ধান্ত গ্রহণ কৰিব তাক ৰাজ্য চৰকাৰে আন্তৰিকতাৰে গ্রহণ কৰিব বুলি কয় মন্ত্রী ড০ শর্মাই ৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই আজি আকস্মিকভাৱে ডিফুত উপস্থিত হৈ ডিফু চিকিৎসা মহাবিদ্যালয়খন পৰিদর্শন কৰে৷ দিনৰ দুই বজাত চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ মন্ত্রীগৰাকীয়ে ইয়াৰ সমগ্র চৌহদটো তন্ন তন্নকৈ পৰিদর্শন কৰাৰ অন্তত মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু অন্যান্যসকলৰ সৈতে ভাৰতীয় মেডিকেল কাউঞ্চিলৰ সম্ভাব্য পৰিদর্শন কালত চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষই কৰিবলগীয়া কাম–কাজৰ বিষয়ে বিশদভাৱে আলোচনা কৰে৷ পিছত সংবাদ মাধ্যমৰ আগত চিকিৎসা মহাবিদ্যালয়খনে পাহাৰৰ জনতাৰ সপোন সাকাৰ কৰিলেবুলি উল্লেখ কৰি যোৱা ২৭ নৱেম্বৰৰ পৰা মহাবিদ্যালয়খনৰ চিকিৎসালয়ত আৰম্ভ হোৱা বহিঃবিভাগত প্রতিদিনে প্রায় তিনিশ লোকে চিকিৎসা সেৱা গ্রহণ কৰিব পাৰিছে বুলি কয় স্বাস্থ্যমন্ত্রীগৰাকীয় ৷ অহা ৮ ডিচেম্বৰৰ পৰা চিকিৎসালয়খনত আন্তঃবিভাগটো মুকলি কৰি কম গুৰুতৰ ৰোগীসকলৰ প্রতি স্বাস্থ্যসেৱা আগবঢোৱা হ’ব বুলি কয় মন্ত্রী ড০ শর্মাই ৷

ভাৰতীয় মেডিকেল কাউঞ্চিলে চলিত মাহত আৰু অহা বর্ষৰ মার্চ মাহত দুবাৰকৈ চিকিৎসা মহাবিদ্যালয়খন পৰিদর্শন কৰিব বুলি মন্ত্রীগৰাকীয়ে জানিবলৈ দি ডিফু মেডিকেল কলেজে সঠিকভাৱে মেডিকেল কাউঞ্চিলৰ অনুমোদন লাভ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷ অনুমোদন লাভৰ অন্তত অহা জুন–জুলাইত চিকিৎসা মহাবিদ্যালয়খনত ছাত্র–ছাত্রীৰ নামভর্তি প্রক্রিয়া আৰম্ভ কৰিব পৰা যাব বুলিও কয় স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ উল্লেখ্য যে চিকিৎসা মহাবিদ্যালয়খনৰ তৃতীয় আৰু চতুর্থবর্গৰ পদত হোৱা নিযুক্তিত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ তুলি কার্বি আংলঙৰ বিভিন্ন দল–সংগঠন প্রতিবাদমুখৰ হৈ থকাৰ সময়তে মন্ত্রী ড০ শর্মাই কয় যে চিকিৎসা মহাবিদ্যালয়খনত ৭০ শতাংশতকৈও অধিক স্থানীয় লোকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ কার্বি আংলঙৰ সকলো নার্ছক চিকিৎসা মহাবিদ্যালয়খনত নিযুক্তি প্রদান কৰা হৈছে৷ জিলাখনৰ গাঁৱে–ভূঞে পৰীক্ষা অনুষ্ঠিত কৰি নিযুক্তি প্রদান কৰা হৈছে বুলিও কয় মন্ত্রীগৰাকীয়ে৷ জিলাখনৰ ৰাইজে নিযুক্তিত গুৰুত্ব দিয়াতকৈ চিকিৎসা মহাবিদ্যালয়খনৰ সেৱাত গুৰুত্ব প্রদান কৰক বুলি মন্তব্য কৰি স্বাস্থ্যমন্ত্রীগৰাকীয় নিযুক্তিৰ ক্ষেত্রত যোগ্যতাৰ ওপৰত বুজাবুজি কৰা নহ’ব বুলিও কয়৷ স্বাস্থ্য, গডকাপ্ঢানী মন্ত্রী ড০ শর্মাই আজি ডিফুলৈ অহাৰ পথত জিলাখনৰ ডকমকাত জার্মান প্রযুক্তিৰে নির্মাণ হৈ থকা ৩৬ নং ৰাষ্ট্রীয় ঘাইপথৰ নির্মাণকার্যৰ কাম–কাজো পৰিদর্শন কৰে৷ উল্লেখ্য যে অসমৰ ভিতৰতে প্রথমবাৰৰ বাবে জার্মান প্রযুক্তিৰে কার্বি আংলং জিলাত নির্মাণকার্য চলি থকা এছোৱা পথ পৰিদর্শন কৰি আজি পথছোৱাৰ কামৰ বুজ লয় মন্ত্রী ড০ শর্মাই ৷ সোমবাৰে দিনৰ প্রায় এঘাৰ বজাত ৩৬ নং ৰাষ্ট্রীয় ঘাইপথৰ ডকমকা–লাংহিনৰ মাজৰ পথছোৱা পৰিদর্শন কৰে৷ পথছোৱা নির্মাণত ব্যৱহূত অত্যাধুনিক প্রযুক্তিৰো বুজ লয় মন্ত্রীগৰাকীয়ে ৷ ইয়াৰ পিছতে জিলাখনৰ লংনিটতো মন্ত্রীগৰাকীয়ে পথছোৱাৰ নির্মাণৰ কামৰ বুজ লয় ৷ মন্ত্রীগৰাকীৰ এই কার্যসূচীত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, পৰিষদৰ কেইবাগৰাকী কার্যবাহী সদস্য, পৰিষদীয় সদস্য, বিভাগীয় বিষয়াসকল উপস্থিত থাকে ৷

You might also like