নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৮ ডিচেম্বৰত কৰ্মচাৰী পৰিষদৰ কৰ্মবিৰতি

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ অসমৰ জনসাধাৰণৰ প্ৰতিবাদক নেওচি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বাংলাদেশ, আফগানিস্তান, পাকিস্তানৰ পৰা অহা অবৈধ নাগৰিকক ধৰ্মৰ ভিত্তিত ভাৰতত নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে । নাগৰিকত্ব সংশোধনী বিধেয়ক – ২০১৯ ৰ পৰিষদে বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অন্যান্য জাতীয় সংগঠনৰ লগত আন্দোলনৰ কার্যসূচী ৰূপায়ণ কৰি আহিছে ৷ সদৌ অসম কর্মচাৰী পৰিষদৰ শনিবাৰে গুৱাহাটীত অনুষ্ঠিত জৰুৰী কর্ণধাৰ সমিতিৰ সভাই নাগৰিকত্ব সংশোধনী আইন–২০১৯ৰ প্রত্যাহাৰৰ দাবীত ১৮ ডিচেম্বৰত কর্মবিৰতি ঘোষণা কৰিছে ৷ সেইদিনা ৰাজ্যখনৰ প্রতিখন জিলাৰ প্রতিজন শিক্ষক, কর্মচাৰী, বিষয়াসকলে নিজ নিজ কার্যালয়ত অনুপস্থিত থাকি প্রতিবাদ সাব্যস্ত কৰাৰ লগতে সদৌ অসম ছাত্র সন্থাই আহ্বান কৰা সত্যাগ্রহ কার্যসূচীত অংশগ্রহণ কৰিব বুলি পৰিষদৰ সভাপতি বাসৱ চন্দ্র কলিতা আৰু সম্পাদকপ্রধান ফকৰ উদ্দিন আহমেদে এক বিবৃতিযোগে জনাইছে ৷

তদুপৰি সদৌ অসম ছাত্র সন্থাৰ আহ্বানত ১৬, ১৭ আৰু ১৮ ডিচেম্বৰত তিনিদিনীয়া কার্যসূচীত জিলা কর্মচাৰী পৰিষদসমূহে পৰিষদৰ বেনাৰ লৈ যোগদান কৰাৰ বাবে বিবৃতিযোগে আহ্বান জনাইছে ৷ এইসমূহ কর্মসূচীৰ উপৰি ৰাজ্যখনৰ সাম্প্রতিক পৰিস্থিতিৰ ওপৰত অলোচনা কৰিবলৈ ১৪ ডিচেম্বৰত স্থগিত ৰখা পৰিষদৰ প্রতিনিধিত্বমূলক সভাখন ২২ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব বুলি পৰিষদৰ সভাপতি আৰু সম্পাদকপ্রধানে বিবৃতিটোত জনাইছে ৷ কেববিৰোধী প্রতিবাদী কার্যসূচীত স্বতঃস্ফূর্তভাৱে অংশগ্রহণ কৰি অকালতে আৰক্ষী আৰু সেনাৰ বর্বৰ আক্রমণত গুলী খাই চাৰিগৰাকী ব্যক্তিয়ে অকাল মৃত্যুবৰণ কৰাত সদৌ অসম কর্মচাৰী পৰিষদে গভীৰ শোক প্রকাশ কৰে আৰু তেওঁলোকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷

You might also like