নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত নতুন ৰাজনৈতিক দল গঠনৰ পৰিৱেশ গঢ়িব আছুৱে

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কঁপি আছে অসমৰ আকাশ-বতাহ । সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত দ্বিতীয় দিনাও গুৱাহাটীৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ সত্যাগ্ৰহী । জাতিৰক্ষাৰ পণ লৈ ওলাই অহা জনতাই ‘হয় ‘কা’ বাতিল কৰক, নহ’লে আমাক গ্রেপ্তাৰ কৰক’ শ্লোগানেৰে উত্তাল কৰি তুলিলে ৰাজপথ ৷ মঙলবাৰে পুৱাৰে পৰা মহানগৰীৰ লতাশিল খেলপথাৰলৈ স্বতঃস্ফূর্তভাৱে ওলাই আহে ভিন্ন প্রান্তৰ ৰাইজ ৷ শিল্পী, চিকিৎসক, গৃহিণী, জ্যেষ্ঠ নাগৰিক– কোন অহা নাই ওলায় ৷ সকলোৰে এটাই আহ্বান– এয়া জাতি ৰক্ষাৰ শেষ শৰাইঘাটৰ ৰণ ৷ সকলো অসমীয়াই এই ৰণলৈ ওলাই আহিব লাগে ৷ লাহে লাহে জনসমাগম বাঢ়ি আহিল ৷ উত্তৰ দিছপুৰ জ্যেষ্ঠ নাগৰিক সংস্থা, বিষ্ণুপ্রিয়া মণিপুৰী সমাজ, গুৱাহাটী লেখিকা সমাৰোহ সমিতি, গুৱাহাটী মহকুমা প্রাথমিক শিক্ষক সন্মিলনী, গুৱাহাটীৰ ভিন্ন প্রান্তৰ মহিলা সমিতি, মানস ৰবীন–বৰষাৰাণী বিষয়াৰ নেতৃত্বত শিল্পী সমাজ, অধিবক্তা, অৱসৰপ্রাপ্ত আমোলা, ছাত্র–ছাত্রীৰ সমাগম আৰু উত্তাল শ্লোগানেৰে মুখৰ হৈ পৰিল লতাশিল খেলপথাৰ ৷

কেন্দ্র–ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উচ্চাৰিত হ’ল ধিক্কাৰ ধ্বনি ৷ তাৰ পিছত দল বান্ধি ৰাইজ ওলাল জিলা উপায়ুক্তৰ কার্যালয় অভিমুখে ৷ কটন বিশ্ববিদ্যালয়ৰ সন্মুখেৰে সমদল কৰি প্রতিবাদী জনতাৰ এটাৰ পিছত আন এটা দল উপস্থিত হ’ল জিলা উপায়ুক্তৰ কার্যালয়ৰ সন্মুখত৷ সত্যাগ্রহী ৰাইজে স্ব–ইচ্ছাই গ্রেপ্তাৰবৰণ কৰিলে ৷ দীঘলীপুখুৰীপাৰত আৰক্ষী–জিলা প্রশাসনে প্রস্তুত কৰা অস্থায়ী কাৰাগাৰলৈ লৈ অনা হ’ল আটক কৰা ৰাইজক ৷ এই অস্থায়ী কাৰাগাৰৰ পৰাই আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ ঘোষণা– ‘সদৌ অসম ছাত্র সন্থাই অসমত বিকল্প ৰাজনৈতিক দল গঠনৰ পৰিৱেশ ৰচনা কৰিব ৷’ আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে অসম আন্দোলনৰ গর্ভৰ পৰা জন্ম হোৱা অসম গণ পৰিষদে অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰিছে৷ অগপৰ নেতাসকলে যিবোৰ ইছ্যু লৈ ৰাজপথত আন্দোলন কৰিছিল, তেওঁলোকে এতিয়া তাৰ সম্পূর্ণ বিপৰীত মেৰুত অৱস্থান কৰিছে ৷ অগপৰ এতিয়া নীতি–আদর্শ বুলিবলৈ একো নাই ৷ তেওঁলোকৰ দলত জাতীয়তাবাদী চিন্তা–চেতনা নাই ৷ সম্পূর্ণ ব্যক্তিকেন্দ্রিক চিন্তা–চেতনাৰে অগপ পৰিচালিত হৈছে ৷ আনহাতে, কংগ্রেছ দল সদায়েই বিদেশীৰ ৰক্ষক হিচাপে চিহ্ণিত হৈ আহিছে ৷ কংগ্রেছ কেতিয়াও অসমৰ মিত্র হ’ব নোৱাৰে ৷ এতিয়া অসম চুক্তি ৰূপায়ণ কৰিব বুলি ক্ষমতালৈ অহা বিজেপিয়েও সম্পূর্ণ ইউ টার্ন লৈছে ৷ তেওঁলোকে ধর্মৰ ভিত্তিত বিদেশীক ভাগ ভাগ কৰিছে ৷ অসম চুক্তি নস্যাৎ কৰি বিদেশী অসমৰ ওপৰত জাপি দিব বিচাৰিছে ৷ এয়া অসমৰ জনসাধাৰণৰ প্রতি চৰম বিশ্বাসঘাতকতা ৷ এনে পৰিস্থিতিত ৰাইজে বেলট কাকতক প্রতিবাদৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ সময় আহি পৰিছে ৷

আন্দোলন ৰোধ কৰিবলৈ চৰকাৰে নমাইছে গুপ্তঘাতকৰ দলঃ সমুজ্জ্বল

এটা বিকল্প ৰাজনৈতিক দলৰ পৰিকল্পনাৰ বিষয়ে সদৰী কৰি লুৰিণজ্যোতি গগৈয়ে আৰু কয় যে এয়া কেৱল বিকল্প লাগে বাবেই বিকল্প ৰাজনৈতিক দল নহ’ব ৷ এয়া হ’ব আদর্শৰ বাবে বিকল্প দল এটা ৷ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে, অসমৰ ভাষা–সংস্কৃতিৰ সুৰক্ষাৰ বাবে, অসমৰ সমস্যাসমূহ বিধানসভা–লোকসভা মজিয়াত উত্থাপন কৰিবৰ বাবে এটা বিকল্প ৰাজনৈতিক দলৰ প্রয়োজনীয়তা আহি পৰিছে যিটো দল নিয়ন্ত্রণ কৰিব অসমৰ জনসাধাৰণে যিটো দলে সদৌ অসম ছাত্র সন্থাৰ আদর্শক সংসদীয় ৰাজনীতিৰ মজিয়ালৈ কঢ়িয়াই নিব ৷ ভৱিষ্যতে যাতে কোনেও আছুৰ আদর্শক লৈ আঙুলি টোঁৱাব নোৱাৰে, তাৰ বাবে এটা বিকল্প ৰাজনৈতিক দল গঠনৰ পৰিৱেশ আছুৱে তৈয়াৰ কৰিব ৷ বর্তমান সময়ত আছু এক ধর্মসংকটৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে আছুৰ প্রাক্তন নেতাসকল বর্তমান বিভিন্ন ৰাজনৈতিক দলত আছে ৷ কিন্তু তেওঁলোকে আছুৰ আদর্শক সজোৰে প্রতিনিধিত্ব কৰিব পৰা নাই ৷

আনকি আই এম ডি টি আইন বাতিলৰ মূল হোতাগৰাকীয়ে এতিয়া ধর্মৰ ভিত্তিত বিদেশীক ভাগ ভাগ কৰিছে ৷ এনে পৰিস্থিতিত আছু এক ধর্মসংকটৰ সন্মুখীন হৈছে ৷ গতিকে মূল আদর্শগত বিষয়ক লৈ, সমাজৰ সর্বস্তৰৰ মানুহক সামৰি লৈ এটা বিকল্প ৰাজনৈতিক দল গঢ়াৰ পৰিৱেশ তৈয়াৰ কৰিবলৈ সাজু হৈছে সদৌ অসম ছাত্র সন্থা ৷ লুৰিণজ্যোতি গগৈয়ে পুনৰ কয় যে ‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি গঢ়ি উঠা গণ আন্দোলনক সাম্প্রদায়িক ৰূপ দিবলৈ চেষ্টা কৰা হৈছে ৷ বিভিন্ন হিংসাত্মক ঘটনাত কেৱল মুছলমান লোক জড়িত বুলি অপবাদ দিয়াৰ চেষ্টা চলিছে ৷ এয়া দুর্ভাগ্যজনক ৷ এনে ঘটনাই অসমৰ জাতীয় জীৱনত নেতিবাচক প্রভাৱ পেলাব ৷ আন্দোলনত উজনি–নামনি, অসমীয়া–বাঙালী আদি বিভাজন নানিবলৈ সকীয়াই দি আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে এতিয়াও যিসকল লোকে নিৰাপদ দূৰত্বত অৱস্থান কৰি আছে, তেওঁলোকক জাতি ৰক্ষাৰ আন্দোলনত যোগ দিবলৈ আহ্বান জনায়৷ এইদৰেই আজি মহানগৰীৰ দীঘলীপুখুৰীপাৰৰ অস্থায়ী কাৰাগাৰৰ পৰা নতুন, বিকল্প ৰাজনীতিৰ বীজ অংকুৰিত হ’ল ৷ সমাজৰ বিভিন্ন প্রান্তৰ লোকৰ অংশগ্রহণেৰে সদৌ অসম ছাত্র সন্থাই আজি দ্বিতীয় দিনাও গণ সত্যাগ্রহ কার্যসূচী ৰূপায়ণ কৰে ৷ কাইলৈ দিনৰ ১১ বজাত ‘কা’ বাতিলৰ দাবীত পুনৰ সত্যাগ্রহ কার্যসূচী ৰূপায়ণ কৰা হ’ব ৷ এই কার্যসূচীলৈ সদৌ অসম কর্মচাৰী পৰিষদেও সমর্থন আগবঢ়াইছে ৷

You might also like