নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ নৱেম্বৰ, কাতি মাহৰ ২২ তাৰিখ শুকুৰবাৰঃ তিথি–শুক্লাসপ্তমী, নক্ষত্রঃ উত্তৰাষাঢ়া, যাত্রাঃ নাই মেষঃ অকাৰণ বা কাৰণতেই হওক কোনৰ লগত মতবিৰোধ হোৱাৰ আশংকা৷ লেনদেনত সাৱধান থাকক৷ শৰীৰ ভালেই বুলিব পাৰি৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷ বৃষঃ…

চামগুৰিত মুখ্যমন্ত্ৰী : ৩০,০০০ ভোটত দিপ্লুৰঞ্জনৰ বিজয় নিশ্চিত

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰ : এটা কথা নিশ্চিত ভাবে কব পাৰি যে এইবাৰ চামগুৰিত অতি কমেও ২৫ পৰা ৩০ হাজাৰ ভোটত বিজেপি দল জিকিব ৷ তাক কোনেও ধৰি ৰাখিব নোৱাৰে ৷ কোনো সন্দেহ নাই ৷ কেতিয়াবা মই ভাবো জিকিব নে নাই ৷ যেতিয়া ৰকিবুল হুছেইনক টিভিত দেখো…

বজালীৰ বনগাঁৱত ৰাইজৰ দানেৰে নিৰ্মাণ দুই কোটি টকাৰ মন্দিৰ

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ ৰাইজে নখ যোকাৰিলে নৈ যে বয় সেই কথা সচা অৰ্থত প্ৰমাণ কৰি সমগ্ৰ ৰাজ্যতে এক শুভ বাৰ্তা প্ৰেৰণ কৰিছে বজালীৰ দক্ষিণ প্ৰান্তৰ ঐতিহ্যমণ্ডিত বনগাঁওৰ ৰাইজে। যিটো সময়ত চৰকাৰী অনুদানক অবিহনে ৰাজহুৱা কাম কৰা তাহানিৰ…

জিএমচিএইচৰ অৱসৰী অধ্যক্ষ ডাঃ মুনীন্দ্ৰ মোহন ডেকাৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰ : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অৱসৰী অধ্যক্ষ তথা হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বৰম্বৈ-দক্ষিণ কেতেকীবাৰীৰ সুসন্তান আৰু বৰ্তমান গুৱাহাটী কুমাৰপাৰা-কনকলতা ৰোডৰ নিৱাসী ডাঃ মুনীন্দ্ৰ মোহন ডেকাৰ কালি সন্ধিয়া…

নলবাৰী ৰাস : ২১-২৭ নৱেম্বৰলৈ ১০টা নাট্যদলৰ ভ্ৰাম্যমাণৰ নাট্যযুদ্ধ

নলবাৰী হৰি মন্দিৰৰ পৰা বীৰেন কলিতা, ৭ নৱেম্বৰঃ ঐতিহ্যমণ্ডিত নলবাৰী শ্ৰীশ্ৰীহৰি মন্দিৰ প্ৰাঙ্গণত ১৯৩৩ চনৰ পৰা নিৰবিচ্ছিন্নভাবে ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰি আহিছে শ্ৰীশ্ৰীহৰি মন্দিৰ সমিতিয়ে। এই বৰ্ষত ৯১তম্ বৰ্ষ হিচাপে অহা ১৫…

মহাকুম্ভমেলাক লৈ সাধুৰ মাজত তীব্ৰ যুঁজ, তৎপৰ যোগী চৰকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ নৱেম্বৰঃ প্ৰয়াগৰাজত মহাকুম্ভমেলাক লৈ আখৰাৰ বৈঠকত ব্যাপক হুলস্থুলৰ সৃষ্টি হয়। সাধুৰ মাজত তীব্ৰ যুঁজ চলে। আখৰাৰ লগত জড়িত সন্তসকলে ইজনে সিজনক চৰ মাৰিছিল, কেৱল এয়াই নহয়, ইজনে সিজনক লাথি আৰু ঘোচাও মাৰিছিল।…

আলফাৰ (স্বা:) দ্বাৰা অপহৃত হিমালয় চাহ উদ্যোগৰ মহৰি গৌতম বসুমতাৰীক মুক্তি

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰ : উত্তৰ পূবৰ সন্ত্ৰাসবাদীৰ অবাধ বিচৰণ স্থলী অসম অৰুণাচলৰ সীমান্তৱৰ্তী জাগুনৰ দহ মাইলস্থিত হিমালয় চাহ উদ্যোগৰ মহৰী হিচাপে কৰ্মৰত অপহৃত  গৌতম বসুমতাৰীক অৱশেষত মুক্তি দিলে আলফা স্বাধীনে। উল্লেখ্য যে জাগুনৰ…

উপ-নিৰ্বাচন : বিহালীত দিগন্ত ঘাটোৱালক আটছাৰ মুকলি সমৰ্থন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ নৱেম্বৰঃ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিহালীত গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ। ইয়াৰ মাজতে অসমৰ চাহ জনগোষ্ঠী লোকসকলৰ অন্যতম সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থাই বিজেপিক মুকলিকৈ সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে।…

বৰাকৰ কাটিগৰাত বাৰ্মিজ চিগাৰেট জব্দ, গ্ৰেপ্তাৰ ২

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰ : কাটিগৰা আৰক্ষীয়ে মিজোৰামৰ পৰা মেঘালয় অভিমুখে গৈ থকা এটা পঞ্জাৱ বডিৰ ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ বাৰ্মিজ চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছে। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ…

বৰছলাত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

বিশেষ বাৰ্তা, ৭ নৱেম্বৰঃ ঢেকিয়াজুলি ৰাজহ চক্ৰ এলেকাৰ বৰছলাৰ বৰভগীয়া গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বন্যহস্তীটোৰ কাষত এটা পোৱালী হাতীয়ে…