নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেব : স্পষ্ট বক্তব্য দিবলৈ সময় লাগিব সাহিত্য সভাক

নিয়মীয়া বাৰ্তা,৪ ডিচেম্বৰঃ দিল্লীত গৃহমন্ত্রীৰে হোৱা আলোচনাৰ পাছতে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দর্ভত দোদুল্যমান স্থিতি গ্রহণ কৰিছে অসম সাহিত্য সভাই ৷ মঙলবাৰে এখন সংবাদ মেল সম্বোধন কৰি অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় যে কেবক লৈ…

আপোনাৰ আজিৰ দিনটো

মেষঃ আকস্মিক কোনো অর্থ ক্ষতি হ’ব পাৰে৷ পাৰিবাৰিক শুভ বুলিব পাৰি৷ কর্মক্ষেত্রত আনৰ প্রিয়পাত্র হ’ব পাৰিব৷ পঢ়া–শুনাত শুভ৷ শুভ বর্ণ পাতল সেউজীয়া৷ দূৰ ভ্রমণৰ সুযোগ আহিব পাৰে৷ শুভ সংখ্যা ৩৷ বৃষঃ কর্মক্ষেত্রত নতুন যোগাযোগ ঘটিব পাৰে৷ সৰু–সুৰা অসুখে…

আইডলৰ কেলেংকাৰিক লৈ সৰৱ স্নাতকোত্তৰ ছাত্র সন্থা

নিয়মীয়া বাৰ্তা,৪ ডিচেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্রতিষ্ঠান, চমুকৈ আইডলত সংঘটিত দুর্নীতি–নিয়মৰ অভিযোগক লৈ উত্তাল হৈ আছে বিশ্ববিদ্যালয়ৰ পৰিৱেশ৷ এই বিষয় লৈয়ে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাই মঙলবাৰে বিয়লি…

চৰকাৰৰ চৰম উপহাসঃ দিছপুৰলৈ তাঁত–বাটি কৰিও শ্বহীদ–নির্যাতিত পৰিয়ালে নাপালে সংস্থাপন

নিয়মীয়া বাৰ্তা,৪ ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ চূড়ান্ত অৱহেলাৰ পৰিণতিত অসম আন্দোলনৰ শ্বহীদ, নির্যাতিত পৰিয়ালৰ সদস্যৰ কর্মসংস্থাপনৰ বিষয়টো কার্যতঃ ভেঁকো–ভাওনাত পৰিণত হৈছে ৷ অসম আন্দোলনৰ ফলত স্থাপন হোৱা অসম চুক্তি ৰূপায়ণ বিভাগে এইক্ষেত্রত গ্রহণ কৰি…

অবৈধ খননঃ কাহিলিপাৰাত পোত গ’ল ৪ শ্রমিক

মহানগৰ বার্তা, ৪ ডিচেম্বৰঃ বন বিভাগ আৰু জিলা প্রশাসনৰ নির্লিপ্ততাৰ সুযোগ লৈ একাংশ লোকে মহানগৰীৰ বিভিন্ন স্থানত অবৈধভাৱে পাহাৰ খনন অব্যাহত ৰাখিছে৷ বিশেষকৈ চক্র বিষয়াৰ কার্যালয়ত ৰাজহ গাঁও হিচাপে অন্তর্ভুক্ত থকাৰ সুযোগ লৈ একাংশ লোকে অব্যাহত…

দুই প্রধানমন্ত্রীক আদৰিবলৈ ৰঙে–ৰূপে সজাই তোলা হৈছে মহানগৰী

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ দুজনকৈ প্রধানমন্ত্রীক আদৰিবলৈ আটকধুনীয়াকৈ সজাই–পৰাই তোলা হৈছে গুৱাহাটী মহানগৰীক৷ ১৫ আৰু ১৬ ডিচেম্বৰত হ’ব লগা ইণ্ডো–জাপান বার্ষিক সন্মিলনৰ মাজতে জাপানৰ প্রধানমন্ত্রী শ্বিনজো আবেৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদী…

কৃষিকর্মৰে স্বাৱলম্বী মাজুলীৰ ফুলনী পঞ্চায়তৰ মণিকা টাইড

নিয়মীয়া বার্তা, ৪ ডিচেম্বৰঃ দ্বীপ জিলাখনৰ প্রায়সংখ্যক গাঁৱতে এতিয়া যুৱকৰ অভাৱ কাৰণ মাজুলীৰ বহুতো উচ্চ শিক্ষিত যুৱক–যুৱতী বহিঃৰাজ্যলৈ ঢাপলি মেলিছে কর্ম সংস্থাপনৰ বাবে ৷ সেই সময়তে উজনি মাজুলীৰ এগৰাকী যুৱতী নিবনুৱাৰ বাবে প্রেৰণাৰ উৎস হৈ পৰিছে…

গহপুৰত বোৱাৰীক হত্যাঃ সহকর্মীৰ হত্যাকাৰীক ফাঁচিৰ দাবী অংগনৱাড়ী কর্মীৰ

নিয়মীয়া বার্তা, ৪ ডিচেম্বৰঃ গহপুৰত সংঘটিত বোৱাৰী হত্যাকাণ্ডক লৈ মঙলবাৰে অংগনৱাড়ী কর্মী–সহায়িকাই তীব্র প্রতিবাদ সাব্যস্ত কৰে ৷ গহপুৰৰ পূব ছয়দুৱাৰ শিশু উন্নয়ন প্রকল্প বিষয়াৰ কার্যালয়ত মঙলবাৰে দিনৰ ১১ বজাত পূব ছয়দুৱাৰৰ অন্তর্গত একাংশ অংগনৱাড়ী…

ৰাজ্যত খালী পদৰ সংখ্যা ৩৬ হাজাৰ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ নির্বাচনী প্রতিশ্রুতি অনুসৰি ৰাজ্যৰ নিবনুৱাক কর্মসংস্থাপন প্রদানত চৰকাৰৰ ব্যর্থতাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম নিবনুৱা সন্থাই ৷ কেন্দ্রীয় সমিতিৰ ভাৰপ্রাপ্ত সভাপতি ধর্মেন্দ্র দেউৰী আৰু সাধাৰণ সম্পাদক জীৱন…

পলকতে আজিৰ দিনটো-

আজি বুধবাৰ অসমীয়া তাৰিখ অনুসৰি ১৭ আঘোণ, ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ৪ ডিচেম্বৰ, ২০১৯ চন আজি নৌসেনা দিৱস ১৯২১ ত কবি-সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যৰ জন্ম ১৮২৯ ত দেশত সতীদাহ প্ৰথা নিষিদ্ধ ১৯৬৭ ত দেশৰ প্ৰথম ৰকেট ৰোহিণী উৎক্ষেপণ