২০২০-২১ বৰ্ষৰ বাজেট দাখিল, কি কি নতুনত্ব আছে বাজেটত?
GST বলবৎ বিজেপি চৰকাৰৰ ঐতিহাসিক সংস্কাৰঃ সীতাৰমন
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ
সংসদত বিত্তমন্ত্ৰীৰ বাজেট ভাষণ
- বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২০-২১বৰ্ষৰ বাজেট
- ভাষণৰ আৰম্ভণিতে অৰুণ জেটলীক সুঁৱৰিলে নিৰ্মলা সীতাৰমনে
- GST বলবৎ বিজেপি চৰকাৰৰ ঐতিহাসিক সংস্কাৰ
- লাহে লাহে স্থিৰতা আহিছে GSTত
- GSTৰ দ্ৱাৰা ইনস্পেক্টৰ ৰাজ সমাপ্ত কৰা হৈছে
- GST-এ ঘৰুৱা বাজেটৰ ৪% লাঘৱ কৰিছে
- দেশৰ ঋণ হ্ৰাস কৰাত সফল হৈছে দেশ
- দেশৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰা হৈছে
- দ্ৰুতগতিত আগবঢ়াই নিয়া হৈছে দেশৰ অৰ্থব্যৱস্থাক
- ২৮৪বিলিয়ন বিদেশী বিনিয়োগ হৈছে দেশত
- ৬০লাখ নতুন কৰদাতাৰ সংযোজন হৈছে
- দেশৰ অৰ্থব্যৱস্থাৰ ভেঁটি মজবুটঃ সীতাৰমণ
- বিশ্বৰ ৫ম বৃহত্তৰ অৰ্থনৈতিক ৰাষ্ট্ৰ ভাৰত
- বাজেটত গাঁও, কৃষি আৰু দৰিদ্ৰসকলৰ ওপৰত গুৰুত্ব দিয়া হৈছে
বাজেটত কৃষকৰ বাবে কি কি আছে?
কৃষিখণ্ডৰ বাবে ২.৮৩ লাখ কোটি টকা
- ২০২২ৰ ভিতৰত কৃষকৰ আয় দূগুণৰ লক্ষ্য
- ৬.১১কোটি কৃষকৰ বাবে কৃষি বীমা ব্যৱস্থা
- কৃষিক্ষেত্ৰত সংযোজন ঘটিব মাৰ্কেটিং ব্যৱস্থাৰ
- পশুপালন, মীনপালনত অধিক গুৰুত্ব দিয়া হৈছে
- প্ৰধানমন্ত্ৰীৰ কৃষক যোজনাত লাভান্বিত হৈছে
- কৃষিক্ষেত্ৰত ১৬তৰপীয়া এক্সনপ্লেন লোৱা হৈছে
- ২০লাখ কৃষকৰ বাবে ছ’লাৰ পানী পাস্পৰ ব্যৱস্থা
- কৃষকৰ বাবে থাকিব কিষাণ ৰে’ল
- মাছ-মাংস-গাখীৰৰ বাবে কিষাণ ৰে’ল
- COLD STORAGE থাকিব এই ৰে’লত
- কুসুম আঁচনিৰ জৰিয়তে কৃষকলৈ সৌৰশক্তিৰ পাম্প
- ২০২০-২১লৈ ১৫লাখ কোটি কৃষি ঋণৰ লক্ষ্য
- ‘সাগৰ মিত্ৰ’ যোজনাৰ দ্বাৰা মীন পালনত গুৰুত্ব
- ২০২২লৈ ২০০লাখ টন মাছ উৎপাদনৰ লক্ষ্য
- ২০২৫লৈ গাখীৰৰ উৎপাদন দুগুণ কৰাৰ লক্ষ্য
শিক্ষাখণ্ডৰ বাবে বাজেটত কি?
শিক্ষাখণ্ডৰ বাবে ৯৯,৩০০কোটি টকা
- অতি শীঘ্ৰেই দেশত প্ৰৱৰ্তন হ’ব নতুন শিক্ষা নীতি
- উচ্চ শিক্ষাত অধিক গুৰুত্ব প্ৰদান
- ৰাষ্ট্ৰীয় ফৰেণছিক বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱ
- শিক্ষাক্ষেত্ৰলৈ আহিব বিদেশী বিনিয়োগ
- সৰস্বতী সিন্ধু বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱ বাজেটত
- আৰ্টিফিছিয়েল ইণ্টেলিজেঞ্চৰ ব্যৱহাৰ কৰা হ’ব
- কৌশল বিকাশৰ বাবে ৩হাজাৰ কোটি টকাৰ প্ৰস্তাৱ
- ১৫০খন নতুন ডিপ্লমা কলেজৰ প্ৰস্তাৱ
- পিছপৰা শিক্ষাৰ্থীৰ বাবে অনলাইন পাঠ্যক্ৰম
- ৰাষ্ট্ৰীয় আৰক্ষী বিশ্ৱবিদ্যালয় স্থাপন কৰা হ’ব
-
- বেটী বচাও, বেটী পঢ়াওৰ সফলতা
- বিদ্যালয়ত ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা বেছি
- অংগনবাড়ীৰ দ্বাৰা ১০কোটি লোক উপকৃত হৈছে
- আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ১০০লাখ কোটি
- ষ্টাৰ্টআপৰ বাবে ডিজিটেল প্লেটফৰ্ম
- দেশৰ ইণ্টাৰনেট সেৱালৈ ৬ হাজাৰ কোটি
- ১ লাখ গাঁৱলৈ ইণ্টাৰনেট সেৱা
- যোগাযোগ ক্ষেত্ৰলৈ ১.৭কোটি টকা
- শক্তিখণ্ডৰ বাবে ২৭ হাজাৰ কোটি টকা
স্বাস্থ্য খণ্ডত কি কি নতুনত্ব?
- স্বাস্থ্যখণ্ডলৈ ৬৯ হাজাৰ কোটি টকা ঘোষণা
- ৬,৪০০ কোটি টকা আয়ুস্মান ভাৰত আঁচনিলৈ
- পুষ্টিকৰ খাদ্য আঁচনিলৈ ৩৫,৬০০কোটি টকা ধাৰ্য
- PPP মডেলৰ জৰিয়তে স্থাপন কৰা হ’ব হাস্পতাল
- অধিক চিকিৎসক সৃষ্টি কৰাৰ লক্ষ্য
- মিছন ইন্দ্ৰধনু প্ৰসাৰত গুৰুত্ব দিয়া হৈছে বাজেটত
- ২০২৫লৈ যক্ষ্মামুক্ত হ’ব ভাৰত
- আয়ুস্মান ভাৰতৰ অধীনত ১০০খন জিলাত নতুন হাস্পতাল
- আয়ুস্মান ভাৰত আঁচনিৰ দ্বাৰা ১০ কোটি লোকলৈ স্বাস্থ্য বীমা
২০২২ত ভাৰতত হ’ব G-20 সন্মিলন
- G-20সন্মিলনৰ বাবে ১০০কোটি ধাৰ্য
- জম্মু-কাশ্মীৰ আৰু লাডাখৰ বাবে বিশেষ পুঁজি
- জম্মু-কাশ্মীৰৰ বাবে ৩০,৭৫৭ টকা ধাৰ্য
- লাডাখৰ বাবে ৫,৯০০কোটি টকা ধাৰ্য
পৰ্যটন খণ্ডৰ বাবে ২৫০০কোটি টকা
- ২০২০-২১ লৈ GDP ১০% বৃদ্ধিৰ আশা
- ৩.৮% বিত্তীয় ঘাটিৰ আশংকা
- চৰকাৰী ব্যয় সৰ্বাধিক হাৰত বৃদ্ধি
- LICৰ ২৩খন বীমা আঁচনি বন্ধ কৰিব চৰকাৰে
- LICৰ অংশদাৰিত্বও বিক্ৰী কৰিব চৰকাৰে
বাজেটত অসমৰ বাবে সুখবৰ
- শিৱসাগৰত দেশৰ ভিতৰতে ঐতিহাসিক স্থান হিচাপে গঢ়ি তোলা হ’ব
- শিৱসাগৰৰ সকলো কৃতি চিহ্নৰ বিকাশৰ সিদ্ধান্ত বাজেটত
আয়কৰক লৈ চৰকাৰৰ নতুন পদক্ষেপ
- বছৰি ৫লাখ টকালৈকে নাথাকিব আয়কৰ
- ৫লাখৰ পৰা ৭.৫ লাখলৈ ১০% আয়কৰ
- ৭.৫০ লাখৰ পৰা ১০ লাখলৈ ১৫% আয়কৰ
- ১০ লাখ পৰা ১২.৫ লাখলৈ ২০% কৰ
- ১২.৫ লাখৰ পৰা ১৫লাখলৈ ২৫% কৰ
- সকলো কৰদাতাক প্ৰদান কৰা হ’ব সুৰক্ষা
- ইয়াৰ বাবে প্ৰণয়ন কৰা হ’ব আইন
- কৰফাঁকি দিয়া সকলৰ প্ৰতি কঠোৰ হ’ব চৰকাৰ
ডাঙৰ চহৰত বিশুদ্ধ বায়ুৰ বাবে ৪৪০০ কোটি টকা ধাৰ্য
জলসংকটত ভোগা ১০০খন জিলাৰ বাবে নতুন আঁচনি
- কোম্পানী আইন সংশোধন কৰা হ’ব
- চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া সংশোধন কৰা হ’ব
- টেজছৰ দৰে দ্ৰুতৰে’লৰ সম্প্ৰসাৰণ
- ২৭ হাজাৰ কিলমিটাৰ ৰে’ল পথৰ বৈদ্যুতিকৰণ
- দিল্লী আৰু মুম্বাইৰ মাজত হ’ব এক্সপ্ৰেছ হাইৱে’
- দেশৰ ১০০খন বিমানবন্দৰ উন্নয়নৰ লক্ষ্য