নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋণৰ পৰা আঁতৰি থকাৰ পাঁচটা সহজ উপায়

-দীপজ্যোতি নার্জাৰী

বর্তমান সময়ছোৱাত অধিকাংশ লোকৰে প্রধান সমস্যা হৈছে ঋণৰ সমস্যা৷ ধন সম্পর্কীয় সমস্যাবোৰৰ অন্যতম ঋণৰ বাবে একাংশ লোকে আত্মহননৰ পথো বাছি ল’ব লগা হৈছে৷ সম্প্রতি প্রতিজন লোকৰে জীৱন–জীৱিকাৰ পথ পূর্বতকৈ যথেষ্ট কঠিন হৈ পৰিছে৷ এইক্ষেত্রত মধ্যবিত্ত লোকসকল বাৰুকৈয়ে ভুক্তভোগী৷ ভাৰতবর্ষৰ শেহতীয়া অর্থনৈতিক অৱস্থা প্রায়েই শোচনীয়৷ অত্যাৱশ্যকীয় খাদ্য সামগ্রীৰ অবাধ মূল্য বৃদ্ধিৰ বাবে কম উপার্জনকাৰী লোকসকল জীয়াই থকাটো কঠিন হৈ পৰিছে৷ যাৰ বাবে সর্বসাধাৰণ লোক ঋণৰ ওপৰত নির্ভৰশীল হৈ পৰিছে আৰু আন একাংশই আকৌ নিজৰ বিলাসপ্রৱণ প্রয়োজনসমূহ পূৰণ কৰিবলৈ বর্তমান সহজ কিস্তিত পোৱা ঋণ লৈ জীৱন জীয়াবলৈ পছন্দ কৰে৷ যিয়েই নহওক, ঋণৰ ফলত অকল সুতৰ ওপৰত অতিৰিক্ত টকাই ভৰিব লগা নহয়, ইয়াৰ ফলত মুক্ত চিন্তা, ভয়–শংকামুক্ত জীৱনৰ পৰা বঞ্চিত হ’ব লগা হৈছে সহস্রজনে৷ সেয়েহে আজি আলোচনা কৰিম ঋণৰ পৰা আঁতৰি থকাৰ ৫টা সহজ উপায়৷

(১) অযথা খৰচসমূহৰ পৰা বিৰত থকাঃ প্রিয় পাঠকবৃন্দ, বহুক্ষেত্রত দেখা যায় আনক অনুকৰণেই হওঁক বা সমাজত নিজৰ প্রতিপত্তি প্রমাণ কৰিবলৈ হওঁক, আমি এনে কিছুমান বিলাসী বস্তু ক্রয় কৰোঁ যিয়ে আমাক ঋণৰ ওপৰত নির্ভৰশীল হ’বলৈ বাধ্য কৰে৷ নিজৰ উপার্জনতকৈ অধিক দামী বস্তু ক্রয় কৰিলে পিছৰ সময়ছোৱাত ঋণৰ সংকটত পৰাটো তেনেই স্বাভাৱিক৷ সেয়েহে ঋণ লৈ বিলাসী বস্তু নহয়, লাগতিয়াল বস্তু ক্রয় কৰক৷

(২) অনলাইন ঋণৰ এপ্ছসমূহৰ পৰা সাধাৰণতে আঁতৰি থকাঃ বর্তমান ইণ্টাৰনেটত সহজলভ্য ঋণ কোম্পানীসমূহৰ সহজ কিস্তিত নথি–পত্রবিহীন ঋণসমূহে সহজে সকলোকে আকর্ষিত কৰে৷ দামী ফোন, সাজ–পোছাক, অন্যান্য সামগ্রী বর্তমান সকলোৱে ঋণ লৈ ক্রয় কৰিবলৈ পছন্দ কৰে৷ মানুহৰ অভাৱৰ কেতিয়াও অন্ত নাই৷ যাৰ ফলত এটা ঋণ চলি থকা অৱস্থাত পুনৰ আন এটা ঋণ লৈ বিপদত পৰিব লগা হয় সর্বসাধাৰণ৷ সেয়েহে অতিমাত্রা ঋণৰ পৰা বিৰত থাকক৷

(৩) জৰুৰীকালীন সময়ৰ বাবে আছুতীয়াকৈ ধন সঞ্চয় কৰকঃ বিপদ অনাকাংক্ষিত৷ মানুহৰ জীৱনত হঠাৎ বিপদ ঘটিব পাৰে৷ আকস্মিক দুর্ঘটনা, ৰোগ, কাৰোবাৰ মৃত্যুৰ ফলত হোৱা আর্থিক দৈন্যই যাতে আপোনাক ঋণগ্রস্ত কৰি নোতোলে, তাৰ বাবে আছুতীয়াকৈ জৰুৰীকালীন সময়ৰ বাবে ধন সঞ্চয় কৰক ‘ইমার্জেন্সী ফাণ্ড’ হিচাপে৷

(৪) ক্রেডিট কার্ড ব্যৱহাৰৰ পৰা পৰাপক্ষত আঁতৰি থকাঃ বেছি ঋণ লৈ আপোনাৰ ‘চিবিল স্ক’ৰ’ কেতিয়াও নষ্ট নকৰিব৷ লগতে বর্তমান বেতনভোগী লোকসকলৰ অন্যান্য কোনো স্থায়ী উপার্জন নথকাৰ ফলত কিছুক্ষেত্রত ক্রেডিট কার্ডৰ অতিৰিক্ত মাচুলে আপোনাক বিপদত পেলাব পাৰে৷ ক্রেডিট কার্ড আটাইতকৈ দামী স্ক’প৷ ইয়াৰ বছৰি সুত ৩০ শতাংশৰ পৰা ৪০ শতাংশ (কোম্পানী অনুযায়ী)৷ সেইবাবে যদি আপুনি ক্রেডিট কার্ড বহন কৰিব নোৱাৰে, তেনেহ’লে ইয়াৰ পৰা আঁতৰি থকাটোৱেই মংগলজনক৷

(৫) নতুনৰ পৰিৱর্তে ব্যৱহাৰযোগ্য সামগ্রী পুনৰ ক্রয় কৰকঃ প্রতিজন লোকৰে সপোন থাকে নিজৰ বাবে এখন দামী গাড়ী, বাইক, ম’বাইল, ঘড়ী ইত্যাদি ক্রয় কৰা৷ কিন্তু এইক্ষেত্রত মধ্যবিত্ত কম উপার্জনকাৰী লোকসকলে নিজৰ লোভ সামৰিব নোৱাৰি ঋণ লৈ সামগ্রী ক্রয় কৰে৷ নতুন সামগ্রী ক্রয় কৰি সুখ অনুভৱ হয় সঁচা, কিন্তু সময়মতে ই এম আই পৰিশোধ কৰিব নোৱাৰিলে পিছলৈ ঋণৰ অতিৰিক্ত বোজাই জীৱন দুর্বিষহ কৰি তোলে৷ সেয়েহে কম উপার্জনকাৰী লোকসকলে নতুনৰ পৰিৱর্তে ব্যৱহাৰযোগ্য ভাল গুণাগুণ থকা সামগ্রী নগদ ধন দি ক্রয় কৰক, যিয়ে আপোনাক ঋণৰ বোজাৰ পৰা স্থায়ী সকাহ প্রদান কৰিব৷

You might also like