ক’ৰোনা লক ডাউনঃ ৰপ্তানি খণ্ডত নিবনুৱা হ’ব ১.৫ কোটি ভাৰতীয়
নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ লক্ষ্যৰে দেশত হোৱা লক ডাউনৰ বাবে অকল ৰপ্তানি খণ্ডতেই ডেৰ কোটি লোকে সংস্থাপন হেৰুৱাব। ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপৰ্ট অৰ্গেনাইজেচনে প্ৰকাশ কৰা মতে লক ডাউনৰ ফলত ৰপ্তানি ৫০ শতাংশ হ্ৰাস পোৱাৰ ফলত এই খণ্ডটোৰ ভৱিষ্যত অন্ধকাৰৰ দিশে আগবাঢ়িছে। ৰপ্তানি খণ্ডত ইয়াৰ বাবেই ডেৰ কোটি লোকে সংস্থাপন হেৰুৱাব। FIEOৰ অধ্যক্ষ সাৰদ কুমাৰ ছৰতে প্ৰকাশ কৰা মতে সঠিক সময় মতে যদি উদ্যোগসমূহ নূন্যতম কৰ্মশক্তিৰ দ্বাৰা পৰিচালিত কৰিব পৰা নাযায় তেতিয়াহলে হ্ৰাস পাব উৎপাদন হ্ৰাস পাব। ইয়াৰ বাবে উদ্যোগসমূহৰ বিস্তৰসমূহৰ বিস্তৰ ক্ষতি হ’ব। লগতে উদ্যোগ বন্ধ কৰিবলৈ দিয়া পৰিবেশৰ সৃষ্টি হ’ব। এনে হ’লেই দেশৰ ডেৰ কোটি এই খণ্ডত জড়িত লোকে সংস্থাপন হেৰুৱাম। ৰপ্তানি খণ্ডত সংকটৰ পৰা উদ্ধাৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি FIEOই অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰক পেকেজ ঘোষণা কৰাৰ দাবী তুলিছে। তদুপৰি ৰপ্তানি কৰিবলগীয়া সামগ্ৰীসমূহ উৎপাদন কৰাৰ বাবে নূন্যতম কৰ্মশক্তিৰ ব্যৱহাৰেৰে সেই উদ্যোগসমূহ শীঘ্ৰে পৰিচালিত কৰাৰ ক্ষেত্ৰত অনুমতি দিব লাগে বুলি দাবী কৰিছে FIEO।