নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খুচুৰা মুদ্ৰাস্ফীতি ৪.৬২ শতাংশলৈ বৃদ্ধি

নিউজ ডেস্ক,১৪ নৱেম্বৰঃ মূল্যবৃদ্ধিৰ বাবেই দেশৰ খুচুৰা মুদ্ৰাস্ফীতি ঘটিছে । যোৱা অক্টোবৰ মাহত খুচুৰা মুদ্ৰাস্ফীতি ৪.৬২ শতাংশলৈ বৃদ্ধি পালে । কেন্দ্ৰীয় চৰকাৰৰ এটা সূত্ৰত এই কথা প্ৰকাশ পাইছে । অতিৰিক্ত আৰু অপ্ৰত্যাশিত বৰষুণৰ বাবে পৰিবহণ ব্যৱস্থা ব্যাহত হোৱাত শাক-পাচলি ,মাছ-মাংস আৰু কণীকে ধৰি বহু খাদ্য বস্তুৰ দাম বৃদ্ধি পাইছে । ফলত চাহিদা আৰু সৰবৰাহৰ অমিলৰ বাবে খুচুৰা মুদ্ৰস্ফীতিৰ পৰিমাণ বাঢ়িছে । উল্লেখ্য যে, ছেপ্তেম্বৰ মাহত খুচুৰা মুদ্ৰাস্ফীতিৰ পৰিমাণ আছিল ৩.৯৯ শতাংশ ।

You might also like