নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছ মহামাৰী বিশ্বজুৰি ঘটা দ্ৰুত বিস্তাৰে গোলকীয় অৰ্থনীতিত প্ৰতিকুল প্ৰভাৱ পেলাব পাৰে। চলিত বৰ্ষৰ গোলকীয় অৰ্থনীতিৰ প্ৰতি ১ শতাংশ ক’ৰোনাৰ বাবেই হ্ৰাস পাব বুলি ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগে সতৰ্কবাণী কৰিছে। উন্নত তথা উন্নয়নশীল ৰাষ্ট্ৰসমূহত চলি থকা বিভিন্ন অৰ্থনৈতিক নিষেধাজ্ঞায়ো পৰিস্থিতি জটিল কৰি তুলিব পাৰে। ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা এই তথ্য সদৰী কৰাৰ লগে লগে বাণিজ্যিক প্ৰতিষ্ঠানসমূহত সৃষ্টি হৈছে আশংকা। স্মৰ্তব্য যে পূৰ্বে ৰাষ্ট্ৰসংঘৰ বাণিজ্যিক তথা উন্নয়ণ বিভাগে ক’ৰোনা ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ বাবে বিশ্ব অৰ্থনীতিৰ প্ৰায় ২ লাখ কোটি ডলাৰ ক্ষতি হ’ব বুলি সতৰ্কবাণী কৰিছিল। বৰ্তমান বিশ্বৰ সৰ্বোচ্ছ সংস্থাটোৰ পৰা ঘোষণা কৰা হৈছে যে ২০০৯ৰ অৰ্থনৈতিক মহামন্দাৰ সময়ত বিশ্ব অৰ্থনীতিৰ যি ক্ষতি সাধন হৈছিল বৰ্তমান ক’ৰোনা ভাইৰাছৰ দ্ৰুত বিস্তাৰে তাতকৈ ভয়াৱহ পৰস্থিতিৰ সৃষ্টি কৰিব। স্মৰ্তব্য যে বিশ্বজুৰি এতিয়া তেলৰ বজাৰত সৃষ্টি হৈছে সংকট।