নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ যদিহে কোনো কর্মচাৰীৰ বছৰি আয় ২.৫ লাখ টকাৰ বেছি তেনে চাকৰিয়ালে নিয়োগকর্তাক পান আৰু আধাৰকার্ড প্রদান নকৰিলে দৰমহা ২০ শতাংশ কটা যাব ৷ এনে এক নিয়ম বান্ধি নির্দেশনা ঘোষণা কৰিছে চেণ্ড্রেল ব’ড আৰু ডাইৰেক্ট টেক্সেছ চমুকৈ চিবিডিটিয়ে ৷ পান আৰু আধাৰৰ সবিশেষ জমা দিব নোৱাৰিলে নিয়োগকর্তাক টেক্স ডিডাক্টেড এট ছ’ছ অর্থাৎ টি ডি এছ ৰূপত দৰমহাৰ ২০ শতাংশকৈ কাটি ৰাখিবলৈ নির্দেশ প্রদান কৰিছে আয়কৰ বিভাগে ৷ আৰু এই নিয়ম চলিত মাহৰ ১৬ জানুৱাৰীৰ পৰা প্রযোজ্য হোৱা বুলি জানিবলৈ দিছে চিবিডিটিয়ে ৷