নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেকাৰ্ছ হাব প্ৰদৰ্শনীলৈ ইতিবাচক সঁহাৰি

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ চিত্ৰৰ পৰা দীৰ্ঘস্থায়ী কাপোৰলৈকে, হস্তনিৰ্মিত সামগ্ৰীৰ পৰা চালৰ যতন আৰু খাদ্য সামগ্ৰীলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ এদল যুৱ আৰু উদীয়মান উদ্যমীয়ে নিজে প্ৰস্তুত কৰা সামগ্ৰীৰ সম্ভাৰেৰে সন্মিলিত প্ৰচেষ্টাৰে গুৱাহাটীত অনুষ্ঠিত কৰিছে এখনি বিশেষ প্ৰদৰ্শনী । মেকাৰ্ছ হাব নামেৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত এই কলা আৰু হস্তশিল্প প্ৰদৰ্শনী তথা বিক্ৰীৰ কাৰ্যসূচী অহা ২৩ ফেব্ৰুৱাৰীলৈকে চলিব । কাৰ্যসূচীৰ প্ৰথমদিনা ৰাইজৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰা হৈছে । গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে । প্ৰদৰ্শনীত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ বহু প্ৰতিভাসম্পন্ন শিল্পীয়ে তেওঁলোকৰ একক বৈশিষ্ট্যপূৰ্ণ সৃষ্টিৰাজী দৰ্শক আৰু কলা অনুৰাগীসকলৰ আগত প্ৰদৰ্শন কৰিছে । প্ৰদৰ্শনীত মুঠ ২৬ খন বিপনীৰ ব্যৱস্থা কৰা হৈছে । অনুষ্ঠানত অংশ লোৱা শিল্পীসকল হ’ল প্লাবিতা গগৈ (Aesthe_chics), সোনাক্ষী আগৰৱালা ( Ardpure & Studio Alishus), নুচৰত শইকীয়া ( Rose bud Art), অনিন্দিতা বৰগোঁহাই (Beaute), স্বাতিকা আগৰৱালা ( Craft studio by Swatika), সম্প্ৰীতি ওজা ( The tiny joys), প্ৰণামী গোহাঁই (Canvas & Kettle), লুকাচ ডেকা (Lucido), আৰাধনা শৰ্মা (Niiyor), জ্যোতি মানস তালুকদাৰ ( Jyoti Manash Art), ডিম্পী বৰা (Singpho Dallang), বৰ্ণৱ ৰয় চৌধুৰী (Bornav Art), এন ই এণ্টাৰপ্ৰাইজ (Saneki weaves), পদ্ম উৰিখেম্বাম আৰু ইন্দ্ৰানী দত্ত (Craftparking), ছাকিবা মহম্মদ (Bake tree), ছামছিনা লস্কৰ ( Hennyyzz Art), হিমান্সি চন্দ্ৰা (Amber Artistry), ঝিল পাতৰীয়া (Jhills art & craft), পিংকু দাস (Nokitomedo), গীতাঞ্জলি সোনোৱাল, কাশেলি ছুউ, মল্লিকা বুঢ়াগোঁহাই, স্বাতী নেগি (The Color Tales), নিশা ছুড় (Sweet Dreams), হিমাদ্ৰী প্ৰতিম, মাৰ্চি বৰকাকতি ( Boho Nook) প্ৰদৰ্শনীখনৰ ২৩ ফেব্ৰুৱাৰী দেওবাৰে সামৰণি পৰিব । এই প্ৰতিভাসম্পন্ন তথা উদীয়মান শিল্পীসকললৈ মৰম আৰু সমৰ্থন আগবঢ়াবলৈ আহক গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিলৈ ।

You might also like