নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লণ্ডনত আৰম্ভ কৰিলে অ’লাৰ সেৱা

ভাৰতৰ অনলাই কেব সেৱা প্রদানকাৰী কোম্পানী অ’লাই লণ্ডনত ইতিমধ্যে সেৱা আৰম্ভ কৰিছে৷ আগন্তুক তিনি মাহ হ’ল অ’লাৰ বিশেষ গুৰুত্বপূর্ণ সময়৷ ২৫ হাজাৰতকৈও অধিক অনুজ্ঞা–পত্র থকা চালক আছে অ’লাৰ৷ ২০১৯ চনত অ’লাৰ সেৱা ব্রিটেইনত মুকলি কৰা হৈছে৷ অলাৰ মুখ্য কার্যবাহী বিষয়া ভৱেশ আগৰৱালে কর্মচাৰীসকললৈ প্রেৰণ কৰা ই–মেইলত কৈছে যে লণ্ডনত যি সেৱা আৰম্ভ কৰা হৈছে সেয়া হ’ল কোম্পানীটোৰ আৰম্ভণিহে৷ কোম্পানীটোৱে সমগ্র বিশ্বতে সেৱা আগবঢ়াব বিচাৰে৷ তেওঁ আৰু প্রকাশ কৰা মতে, কোম্পানীটোৱে যাত্রীৰ সুৰক্ষা আৰু স্থানীয় নিয়ম মানি আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছে৷

You might also like