নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাটা স্কাইয়ৰ এন্ডৰয়ড ছেটআপ বক্স মুকলি

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ ভাৰতৰ প্ৰমূখ ডি টি এইচ সেৱা প্ৰদান কৰা কোম্পানী টাটা স্কাইৰ নতুন সংযোজন Tata Sky Binge+ ভাৰতীয় বজাৰত মুকলি কৰিছে। এন্ডৰয়ড ছেটআপ বক্স হিচোৰে Tata Sky Binge+ মুকলি কৰিছে। ছেটআপ বক্সটো এন্ডৰয়ড হোৱাৰ বাবে গ্ৰাহকসকলে চেটেলাইট চেনেলৰ উপৰিও এমাজন প্ৰাইমৰ উপৰিও নেটফিলক্স উপভোগ কৰিব পাৰিব। Tata Sky Binge+ কোম্পানীৰ ৱেবচাইট www.tatasky.com ৰ পৰা ক্ৰয় কৰিব পাৰিব। ইয়াৰ মূল্য ৫৯৯৯ টকা। এই ছেটআপ বক্সটো কেৱল নতুন গ্ৰাহকৰ বাবে। নতুন গ্ৰাহক সকলে টাটা স্কাই বিঁজ সেৱা বিনামূলীয়াকৈ লাভ কৰিব যাৰ মূল্য ২৪৯ টকা। কিন্তু এই বিনামূলীয়া সেৱা কেৱল এমাহৰ বাবে। টাটা স্কাই বিঁজ ৰ অধীনত গ্ৰাহক সকলে Hotstar, zee5, বিনামূলীয়াকৈ লাভ কৰিব। লগতে এমাজন প্ৰাইম তিনিমাহৰ বাবে বিনামূলীয়াকৈ লাভ কৰিব। উল্লেখ্য যে Tata Sky Binge+ চেটআপ বক্সত ৫০০০ তকৈ অধিক এপছ অথবা গেমছ গুগল প্লেষ্টৰৰ পৰা ডাউললোড কৰিব পাৰিব। এই চেটআপ বক্সত ২ জিবি ৰেম আৰু ৮ জিবি মেমৰী সংযুক্ত হৈ থাকিব।

You might also like