নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনঃ ৪০ দিন পাছত কাৰখানা পুনৰ আৰম্ভ কৰিলে হিৰ’ মট’কৰ্পে

নিয়মীয়া বাৰ্তা ৪ মেঃ ভাৰতৰ সকলোতকৈ বৃহৎ দুচকীয়া বাহন নিৰ্মাতা কোম্পানী হিৰ’ মটৰকৰ্পে(Hero MotoCorp) গৃহ মন্ত্ৰণালয়ৰ দিয়া নিৰ্দেশ অনুসৰি পুনৰ ৪০ দিন পাছত কামকাজ আৰম্ভ কৰিছে । হিৰ’ ৰ এক সূত্ৰ মতে, কিছুসংখ্যক কৰ্মচাৰীৰেই তেওঁলোকে কামকাজ আৰম্ভ কৰিছে ।

ইপিনে আজিৰে পৰা কাৰখানা খোলা হৈছে যদিও ৬ মে’ ৰ পৰাহে উৎপাদনৰ কাম আৰম্ভ কৰিব ।

উল্লেখ্য যে হিৰ’ মটৰকৰ্পৰ চেয়াৰমেন পৱন মুঞ্জালে কয়, ‘আমাৰ কামকাজসমূহ পুনৰ আৰম্ভ কৰিবলৈ আমি এতিয়া প্ৰস্তুত হৈছোঁ । সাৱধানতাৰে আৰু অধিক উৎসাহেৰে আমি কামকাজ আৰম্ভ কৰিম । লগতে আমি আশাবাদী যে দেশৰ বেপাৰ আৰু অৰ্থব্যৱস্থা এতিয়াৰ পৰা লাহে লাহে আগুৱাই যাব ।’

You might also like