অনিল কলিতা–অতুল শইকীয়াৰ গ্রন্থ উন্মোচন সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীৰ
নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ ভাষা প্রকাশনে প্রকাশ কৰি উলিওৱা অনিল কুমাৰ কলিতাৰ উপন্যাস ‘অনামিকাৰ চাট হাউছ’ আৰু গল্পপুথি ‘শেষ সিদ্ধান্ত’, অতুল শইকীয়াৰ ‘মুক্তকণ্ঠে’ শীর্ষক গ্রন্থ দেওবাৰে গুৱাহাটী প্রেছ ক্লাবত উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱী আৰু পদ্মশ্রী সূর্য হাজৰিকাই৷ প্রগতিশীল সাহিত্যিক মুকুট শর্মা আৰু ৰূপা ডেকা পাতেৰে সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে৷ গ্রন্থ উন্মোচন কৰি সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে নাতিদীর্ঘ ভাষণত লেখকসকলৰ সামাজিক দায়বদ্ধতা সম্পর্কত বক্তব্য দাঙি ধৰাৰ লগতে গ্রন্থই সমাজক প্রকৃত পথৰ সন্ধান দিয়ে বুলি মত প্রকাশ কৰে৷
সভাত আন এগৰাকী গ্রন্থ উন্মোচক সূর্য হাজৰিকাই নিজৰ ভাষণত উন্মোচিত গ্রন্থকেইখনে নতুন তথ্য আৰু নজনা কথা জানিবলৈ সুবিধা দিব বুলি আশা ব্যক্ত কৰে৷ একে ধৰণে গ্রন্থ সম্পর্কত সাধাৰণ মানুহৰ যি চিন্তা তাক সলনি কৰিব লাগিব বুলি আশা প্রকাশ কৰাৰ লগতে এখন সমৃদ্ধিশালী সমাজ গঢ়াত গ্রন্থ মাইলৰ খুঁটি বুলিও তেওঁ উল্লেখ কৰে৷ বিশেষকৈ বহু ক্ষেত্রত বাস্তৱ চিন্তাৰে লেখকে সাৱলীলভাৱে আৰু যুক্তিপূর্ণ তথ্য দাঙি ধৰি সাহসিকতাৰ পৰিচয় দি নতুন সমাজৰ বাবে প্রেৰণা হ’ব পাৰে বুলি তেওঁ মত প্রকাশ কৰে৷
উল্লেখ্য যে অনিল কলিতাই কেইবাখনো গ্রন্থ লিখি সমাজখনত নিজৰ পৰিচিতি দাঙি ধৰিছে৷ গ্রন্থ উন্মোচনী সভাত আঁত ধৰে কবি ৰাজীৱ হুছেইনে৷ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি সাহিত্যৰ ক্রমবিকাশ সম্পর্কত বক্তব্য আগবঢ়ায় প্রগতিশীল লেখক মুকুট শর্মাই৷ তেনেদৰে সভাত উপস্থিত থাকি ভাষা প্রকাশৰ এনে উদ্যমী প্রচেষ্টাক আদৰণি জনায় ৰূপা ডেকা পাতেৰে৷ এই গ্রন্থ উন্মোচনী সভাখনত এটি কবিতা আবৃত্তি কৰি সকলোকে আমোদ দিয়ে মাধৱজ্যোতি ৰাজখোৱাই৷ গ্রন্থখনwww. vashapublication.inত উপলব্ধ বুলি জানিবলৈ দিয়ে প্রকাশনৰ তৰফৰ পৰা৷ এই গ্রন্থসমূহ ভাষা প্রকাশৰ উপৰি পাণবজাৰৰ অসম বুক ড্রাষ্ট আদিত উপলব্ধ বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে নান্দনিক পৰিৱেশত অনুষ্ঠিত হোৱা এই সভাখন আৰম্ভ হয় নিতুমণি বৰাৰ এটি বৰগীতেৰে৷ সভাত চমু বক্তব্য দাঙি ধৰি অনিল কলিতা আৰু অতুল শইকীয়াই এনে বৌদ্ধিক চিন্তনে সমাজক আগুৱাই নিব বুলি আশা প্রকাশ কৰে৷