নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্টমবাৰৰবাবে প্রতিদ্বন্দ্বিতা কৰিব ৰমেন্দ্র নাৰায়ণ কলিতাই

নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ তৃতীয় তথা শেষ পর্যায়ত ৬ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া ৫৪নং পশ্চিম গুৱাহাটী বিধানসভা নির্বাচনত অগপ–বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ প্রার্থিত্বকেন্দ্রিক উৎকণ্ঠাৰ অন্ত পৰিছে৷ যোৱানিশা সকলো জল্পনা–কল্পনাৰ অন্ত পেলাই বর্তমানৰ অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই মিত্রজোঁটৰ প্রার্থী হিচাপে সমষ্টিটোত প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলি অগপ আৰু বিজেপি নেতৃত্বাধীন মিত্রজেজাটে আনুষ্ঠানিক ঘোষণা কৰাৰ পিছতেই বিগত ২০১৬ চনৰ দৰে কলিতা পুনৰ মিত্রজোঁটৰ উমেহতীয়া প্রার্থী হোৱাটো নিশ্চিত হয়৷ ইয়াৰ বিপৰীতে কংগ্রেছ নেতৃত্বাধীন মহাজেজাটে এইপর্যন্ত প্রার্থীৰ নাম ৰাজহুৱা কৰা নাই৷

কংগ্রেছৰ এক সূত্রই সদৰী কৰা অনুসৰি, দলে ১৬ বা ১৭ মার্চতহে প্রার্থী চূডান্ত কৰিব৷ দলটোৰ হৈ প্রাক্তন সাংসদ দ্বিজেন শর্মা, দলৰ জনজাতি কোষৰ নেতা লক্ষ্মণ ৰাভা, সংগীত শিল্পী বাবু বৰুৱাকে ধৰি দহজনে টিকটৰ বাবে আবেদন কৰিছে৷ আনহাতে, মিত্রজোঁটৰ প্রার্থী হিচাপে নিশ্চিত হোৱাৰ পিছত ৰমেন্দ্র নাৰায়ণ কলিতাই পশ্চিম গুৱাহাটীত একেৰাহে এইবাৰ অষ্টমবাৰৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ উন্নয়নকে মূল লক্ষ্য ৰাখি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব বুলি জানিবলৈ দিছে৷ বিশেষকৈ কংগ্রেছ নেতৃত্বাধীন অপৱিত্র মহাজোঁটক ওফৰাই ৰাইজৰ সেৱা কৰিবলৈ মিত্রজোঁটে পুনৰ সুযোগ দিয়া বাবে কলিতাই অগপ নেতৃত্বৰ উপৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক ধন্যবাদ জ্ঞাপন কৰিছে৷

সমান্তৰালভাৱে আগন্তুক নির্বাচনত অগপ–বিজেপি মিত্রজোঁটৰ নেতৃত্বত থকা আটাইকেইটা দলৰে নেতা–কর্মীসকলে সমূহীয়াভাৱে যোৱাবাৰতকৈও এইবাৰ ৰাইজৰ সহযোগত বিপুল ভোটৰ ব্যৱধানত তেওঁক বিজয়ী কৰাব বুলি ৰমেন্দ্র নাৰায়ণ কলিতাই আশা ব্যক্ত কৰিছে৷ জানিব পৰা মতে, ১৮ মার্চত অগপৰ উপৰি বিজেপি, ইউপিপিএলকে ধৰি মিত্রজোঁটৰ কেইবাজনো নেতাৰ উপস্থিতিত ৰমেন্দ্র নাৰায়ণ কলিতাই মনোনয়ন–পত্র দাখিল কৰিব৷

You might also like