নিয়মীয়া বাৰ্তা, ২ মার্চঃ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰী ৷ আন্তঃৰাষ্ট্রীয় অপৰাধী চক্রই মহানগৰীত বাহৰ পাতি এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছে যদিও স্মার্ট মহানগৰ আৰক্ষীয়ে এই অপৰাধী চক্রক নিয়ন্ত্রণ কৰিবলৈ সক্ষম হোৱা নাই ৷ বিশেষকৈ মহানগৰীৰ একাংশ ল’জ আৰু হোটেলত আশ্রয় লৈ বহিঃৰাজ্যৰ অপৰাধী চক্রই বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছে ৷ দেওবাৰে পুৱতি নিশা দিছপুৰ লাষ্টগেটস্থিত আজিজ ল’জত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ কানিসহ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ৩ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে ৷ ধৃত কানি সৰবৰাহকাৰীকেইটা ক্রমে ছলেন কনেক (৪২), ৱাৰনি চেৰাংপো (৪৮) আৰু লেংগেন যংবা (৩৯) বুলি জানিব পৰা গৈছে ৷ দিছপুৰ আৰক্ষীৰ এক সূত্রই জানিবলৈ দিয়া মতে, ধৃত কানি সৰবৰাহকাৰী চক্রই আজিজ ল’জত বাহৰ পাতি মহানগৰীৰ বিভিন্ন প্রান্তত কানি সৰবৰাহ কৰি আহিছিল ৷ ম্যানমাৰৰ পৰা নাগালেণ্ড হৈ অসমলৈ অহা এই কানি সৰবৰাহকাৰী চক্রই আজিজ ল’জত আশ্রয় লৈ কানি সৰবৰাহ কৰাৰ এক পৰিকল্পনা ৰচনা কৰিছিল ৷ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গোপন সূত্রৰ পম খেদি দেওবাৰে পুৱতি নিশা দিছপুৰ আৰক্ষীৰ সহযোগত ল’জটোত অভিযান চলায় ৷ অভিযানকাৰী দলটোৱে আজিজ ল’জৰ ১২নং কোঠাৰ পৰা সৰবৰাহকাৰীকেইজন গ্রেপ্তাৰ কৰাৰ লগতে ধৃত সৰবৰাহকাৰীকেইজনৰ পৰা প্রায় ২৫ লাখ টকাৰ কানি জব্দ কৰে ৷ উল্লেখ্য যে ৰাজধানী দিছপুৰৰ নিচেই সমীপত থকা আজিজ ল’জত পূর্বেও কেইবাটাও আপত্তিজনক ঘটনা সংঘটিত হৈছিল৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ মন কৰিবলগীয়া কথা এই যে মহানগৰীত অবৈধভাৱে চলি থকা বহু ল’জত বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছে৷ নিয়ম অনুসৰি প্রতিটো ল’জ কর্তৃপক্ষই আৱাসীৰ সম্পূর্ণ ঠিকনা পঞ্জীয়ন কৰি স্থানীয় আৰক্ষী থানাত অৱগত কৰিব লাগে যদিও একাংশ ল’জৰ পৰিচালকে গোপনে ধনৰ বিনিময়ত এনে অপৰাধী চক্রক আশ্রয় দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷