আৰ পি এফৰ অভিযানত এটা সপ্তাহত ১১ টা নাবালক শিশু উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফে বিগত এটা সপ্তাহত গুৱাহাটী আৰু কাটিহাৰ ৰেল ষ্টেচনত অভিযান চলায় ঘৰৰ পৰা পলাই অহা ১১ টা নাবালক শিশু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ৮ টা শিশু কাটিহাৰ আৰু ৩ টাক গুৱাহাটী ৰেল ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া গুনীত কৌৰে জানিবলৈ দিয়া মতে গুৱাহাটীস্থিত ৰেলৱে চাইল্ড লাইন আৰু আৰ পি এফৰ যুটীয়া এটা দলে ২৫ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ চলোৱা অভিযানত ১১ টা নাবলকক উদ্ধাৰ কৰা হয় । আনহাতে উদ্ধাৰ কৰা নাবালক কেইটাৰ বয়স ১৪ ৰ পৰা ১৬ বছৰৰ ভিতৰত থকাৰ বিপৰীতে দুজনী ছোৱালীও আছিল । পাছত উদ্ধাৰ কৰা নাবালক কেইটাক চাইল্ড লাইনক গতাই দিয়া হয় ।