উত্তৰ গুৱাহাটীৰ শিৱসাই কোম্পানী চৌহদ ছীল
নিয়মীয়া বাৰ্তা, ২০ মেঃ উত্তৰ গুৱাহাটীৰ শিৱসাই কোম্পানীৰ চৌহদ ছীল কৰিলে প্ৰশাসনে। কোম্পানীৰ আৱাসিক চৌহদত থকা এগৰাকী যুৱতী ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছতে এই পদক্ষেপ। কোম্পানীৰ আৱাসিক এলেকাৰ আৱাসী আছিল ক’ৰোনা আক্ৰান্ত যুবতীগৰাকী।
৪ দিন পূৰ্বে বাংগালুৰুৰ পৰা পৰিয়ালৰ সৈতে গুৱাহাটীলৈ আহিছিল যুৱতীগৰাকী। হোম কোৱাৰেণ্টাইনত থকা যুৱতীগৰাকী ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছতে সৃষ্টি হৈছে আতংকৰ। ইতিমধ্য়ে নিশাই যুৱতীগৰাকীক MMCHত ভৰ্তি কৰোৱা হৈছে।