নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰেও সম্পূর্ণ নহ’ল পদপথৰ নলাৰ নির্মাণ কাৰ্য

খনামুখৰ পৰা জালুকবাৰীলৈ পথচাৰীৰ দুর্ভোগ

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ মহানগৰীৰ খানামুখৰ পৰা জালুকবাৰীলৈ প্রস্তাৱিত পদপথসহ নলা নির্মাণৰ কাম বিগত এবছৰ ধৰি লেহেমীয়া গতিৰে নির্মাণ কৰি থকাৰ বাবে চৰম দুর্ভোগৰ সন্মুখীন হ’ব লগা হৈছে সাধাৰণ নাগৰিকসকল ৷ উল্লেখ্য যে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে ঠিকাদাৰৰ হতুৱাই খানামুখৰ খানা নৈৰ দাঁতিৰ পৰা পদপথসহ নলা নির্মাণৰ কাম এবছৰ পূর্বে আৰম্ভ কৰে ৷ কিন্তু অতি লেহেমীয়া গতিৰে নির্মাণকার্য চলাই থকাৰ ফলত এক চতুর্থাংশ কামো সম্পূর্ণ হৈ উঠা নাই ৷ তদুপৰি নির্মাণ কৰা নলাসমূহৰ অধিকাংশই উন্মুক্ত হৈ থকা বাবে যিকোনো মুহূর্ততে ভয়াৱহ অঘটন সংঘটিত হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ কিয়নো ব্যৱসায় প্রতিষ্ঠান আৰু আৱাসিক এলেকাৰ কাষেৰে নির্মাণ কৰা নলাৰ ওপৰেৰে নাগৰিকসকল অহা–যোৱা কৰিব লাগে ৷ ফলত ঢ়াকনীবিহীন উন্মুক্ত নলাত পৰি যিকোনো অঘটন সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ তদুপৰি ওখকৈ নির্মাণ কৰা পদপথ তথা নলাসমূহৰ দুয়োদিশে মাটি পেলাই সমান নকৰা বাবে নাগৰিকসকলে যান–বাহন ওলোৱা–সোমোৱা কৰাৰ ক্ষেত্রত ভীষণ অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে ৷ নাগৰিকসকলে শীঘ্রে পদপথসহ নলাৰ নির্মাণ সম্পূর্ণ কৰাৰ লগতে নলাৰ দুয়োদিশে মাটি পেলাই যাতায়াত সুচল কৰি তুলিবলৈ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণক দাবী জনাইছে ৷

You might also like