নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাঁহিকুছি বজাৰত অৰাজকতাঃ বাটে-পথে অস্বাস্থ্যকৰ পৰিৱেশত গঢ়ি উঠিছে অস্থায়ী বজাৰ

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ আজাৰা অঞ্চলৰ ঐতিহ্যমণ্ডিত তথা থলুৱা ব্যৱসায়ী আৰু বিক্ৰেতাৰ অন্যতম গুৰুত্বপূৰ্ণ বজাৰ কাঁহিকুছি বজাৰৰ বৰ্তমানৰ পৰিৱেশ আৰু পৰিস্থিতিয়ে সচেতন গ্ৰাহকহকলক চিন্তিত কৰি তুলিছে।বৃহত্তৰ অঞ্চলটোৰ ৰবিবাৰ আৰু বুধবৰীয়া বজাৰ হিচাপে পূৰ্বৰে পৰা খ্যাতি থকা কাঁহিকুছি বজাৰখনত বৰ্তমান নীতি নিয়মহীন হৈ পৰাই নহয় একশ্ৰেণী ব্যৱসায়ীয়ে অস্বাস্থ্যকৰ স্থানত বাটে-পথে মাছ-মাংসকে ধৰি বিভিন্ন সামগ্ৰী বিক্ৰীৰে জনস্বাস্থ্যলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে।আনফালে কাঁহিকুছি বজাৰত লাখ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা বজাৰগৃহ এতিয়া গৰু-ছাগলী-কুকুৰৰ জিৰণি গৃহত পৰিণত হৈছে।

জানিব পৰা মতে ২০১৭ চনৰ ৩১ মাৰ্চত বজাৰগৃহটো উদ্বোধন কৰি স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মাছ-মাংসৰ ব্যৱসায়ীসকলক বজাৰ গৃহটোৰ কোঠা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল।আনকি অস্বাস্থ্যকৰ পৰিৱেশত মাছ-মাংস বিক্ৰী কৰিলে আইনগতভাবে ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰিছিল।কিন্তু ইয়াৰ কিছুদিন পিচতে মাংস ব্যৱসায়ী সকলে বজাৰ গৃহৰ সলনি বাহিৰত অস্থায়ী চালিৰ তলত ব্যৱসায় আৰম্ভ কৰিলে।ৰহস্যজনক ভাবে আজিও তেনেদৰে অস্বাস্থ্যকৰ পৰিৱেশত মাছ-মাংসৰ ব্যৱসায় চলি আছে।ইয়াৰ পিচতো বজাৰ সমিতি কিম্বা প্ৰশাসনে বজাৰগৃহত মাছ-মাংসৰ ব্যৱসায়ৰ কোনো ব্যৱস্হা নললে।

You might also like