কাইলৈৰ পৰা ৰবীন্দ্র ভৱনত ৰাষ্ট্রীয় শিশু নাট সমাৰোহ
মুম্বাই–দিল্লী–কেৰালা ধৰি ৯টা নাট্যদলে পৰিৱেশন কৰিব নাট
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ ২০ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ গুৱাহাটীৰ ৰবীন্দ্র ভৱনত অনুষ্ঠিত হ’ব অষ্টম বার্ষিক ৰাষ্ট্রীয় শিশু নাট সমাৰোহ ৷ এই নাট সমাৰোহত মুম্বাই, দিল্লী, কেৰালা, ভূপালৰ লগতে গুৱাহাটী, দৰং, গোৱালপাৰাৰ মুঠ ৯টা ভিন্ন নাট্যদলৰ শিশু নাট মঞ্চস্থ কৰা হ’ব ৷ শনিবাৰে গুৱাহাটী প্রেছ ক্লাবত আয়োজন কৰা এখন সংবাদ মেলত এই কথা সদৰী কৰে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দিলীপ কুমাৰ বৰা, সম্পাদক মাণিক ৰয় আৰু নাট সমাৰোহৰ সভাপতি ডাঃ হিতেশ বৰুৱাই ৷
২০ জানুৱাৰীৰ সন্ধিয়া ৫.৪৫ বজাত মন্ত্রী নৱ কুমাৰ দলেয়ে উদ্বোধন কৰিবলগীয়া নাট সমাৰোহখনৰ প্রথম নিশা মুম্বাইৰ ষ্ট’ৰী চার্কাছ গোষ্ঠীৰ উল্কা ময়ূৰ ৰচিত–পৰিচালিত হিন্দী আৰু ইংৰাজী ভাষাৰ নাট ‘টিক টক টেলছ’ পৰিৱেশন কৰা হ’ব ৷ লগতে শিশু নাট্য বিদ্যালয়ৰ মাণিক ৰয় পৰিচালিত ‘বেলি ওলোৱাৰ সাধু’ নাটখন মঞ্চস্থ কৰা হ’ব ৷ ২১ জানুৱাৰীত দিল্লীৰ অর্কিড থিয়েটাৰৰ হিন্দী ভাষাৰ নাট শ্বহিদুল হক পৰিচালিত ‘দ্য অ’ল্ড মেন’ আৰু দৰঙৰ চর্চা নাট্য গোষ্ঠীৰ অসীম কুমাৰ নাথ পৰিচালিত ‘বিৰাল তপস্বী’ নাট দুখন আৰু ২২ জানুৱাৰীত কেৰালাৰ ৰংগপ্রভাত গোষ্ঠীৰ অভিষেক পি এছ পৰিচালিত মালায়ালম ভাষাৰ ‘ইংলিছ মিডিয়াম’ আৰু গুৱাহাটীৰ মাইম একাডেমীৰ মইনুল হক পৰিচালিত সংলাপবিহীন শিশু নাট ‘ভইচ অৱ ছাইলেন্স’ শীর্ষক নাট দুখন প্রদর্শিত হ’ব ৷
শিশু নাট সমাৰোহখনৰ অন্তিম দিনা ২৩ জানুৱাৰীৰ সন্ধিয়া ভূপালৰ চুইছ অন স্কাৰি আর্ট অর্গেনাইজেচনৰ হিন্দী ভাষাৰ নাট তথা অভিষেক গার্গ পৰিচালিত ‘কগ্গৰাজ’, গুৱাহাটীৰ জিৰছং থিয়েটাৰৰ ৰবিজিতা গগৈ পৰিচালিত ‘টিকনি ৰজাৰ সাধু’ আৰু গোৱালপাৰাৰ বাদুংডুপ্পা নাট্যগোষ্ঠীৰ ৰাভা ভাষাৰ নাটক ‘গুণোৎসৱ’ পৰিৱেশিত হ’ব ৷ শিশু নাট সমাৰোহখনৰ লগত সংগতি ৰাখি প্রকাশিত মৃন্ময় ভূঞা সম্পাদিত ‘অংকুৰ’ শীর্ষক মুখপত্রখনো উন্মোচন কৰা হ’ব৷ পুৱা ১০.৪৫ বজাৰ পৰা নিমন্ত্রিত বিদ্যালয়ৰ বিদ্যার্থীৰ বাবে নাট উপভোগৰ ব্যৱস্থাও থাকিব ৷