কাইলৈৰ ভিতৰত জজ খেলপথাৰত প্রস্তুতি সম্পূর্ণ কৰাৰ নির্দেশ উপায়ুক্তৰ
নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ গুৱাহাটীৰ জজ খেলপথাৰত অহা ১৫ আগষ্টত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ মূল কার্যসূচীৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসনে ইতিমধ্যে যাৱতীয় প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিছে৷ ১৫ আগষ্টৰ পুৱা ৯ বজাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰিব৷ স্বাধীনতা দিৱসৰ কার্যসূচী ৰূপায়ণৰ বাবে জজ খেলপথাৰখন সাজু কৰি তোলাৰ বাবে ইতিমধ্যে গড়কাপ্ঢানী বিভাগকে ধৰি সংশ্লিষ্ট সকলো বিভাগে জিলা উপায়ুক্তৰ নির্দেশমর্মে সকলো কাম–কাজ পূর্ণগতিত চলাই আছে৷ অহা ১৩ আগষ্টৰ ভিতৰত যাতে জজ খেলপথাৰখন স্বাধীনতা দিৱসৰ কার্যসূচী উদ্যাপনৰ বাবে সম্পূর্ণভাৱে প্রস্তুত হৈ উঠে, তাৰ বাবে সংশ্লিষ্ট সকলো বিভাগকে জিলা উপায়ুক্তগৰাকীয়ে নির্দেশ দিছে৷
জিলা উপায়ুক্তই ইতিমধ্যে বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ লগত আলোচনাত মিলিত হৈ স্বাধীনতা দিৱস উদ্যাপনৰ বিষয়ত তেওঁলোকে পালন কৰিবলগীয়া দায়িত্বসমূহ ভগাই দিছে৷ জিলাখনৰ অতিৰিক্ত উপায়ুক্তসকলকে ধৰি প্রশাসনৰ অন্যান্য বিষয়াসকলকো স্বাধীনতা দিৱসৰ কার্যসূচী সফলতাৰে ৰূপায়ণৰ বাবে দায়িত্ব নির্দিষ্ট কৰি দিয়া হৈছে৷ আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ জোৱানসকলেও কুচকাৱাজৰ অনুশীলন জজ খেলপথাৰত চলাই আছে৷ ক’ৰোনা মহামাৰীৰ পৰিপ্রেক্ষিতত এইবাৰৰ স্বাধীনতা দিৱসৰ কার্যসূচী স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে জাৰি কৰা স্বাস্থ্য বিধিসন্মত নীতি–নিয়ম সম্পূর্ণৰূপে পালন কৰি উদ্যাপন কৰিবলৈ লোৱা হৈছে৷ স্বাধীনতা দিৱসত অংশগ্রহণ কৰা সকলো ব্যক্তিয়ে সামাজিক ব্যৱধান মানি চলা আৰু মুখত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷
জিলা প্রশাসনে জজ খেলপথাৰৰ লগতে পেণ্ডেলে, মঞ্চ, পতাকা দণ্ড, চকী আদি সামগ্রী ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে৷ উদ্যাপনস্থলীত প্রৱেশ কৰা প্রতিগৰাকী ব্যক্তিকে ‘থার্মেল স্ক্রীনিং’ কৰা হ’ব৷ তদুপৰি জজ খেলপথাৰৰ প্রতিটো প্রৱেশ পথতে হাত ধোৱা আৰু ছেনিটাইজাৰৰ ব্যৱস্থা কৰা হ’ব৷ স্বাধীনতা দিৱস সফলতাৰে উদ্যাপনৰ ক্ষেত্রত জিলা প্রশাসনে ৰাইজৰ সহায়–সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে৷ স্বাধীনতা দিৱসৰ কার্যসূচী অনুসৰি পুৱা ৪.৩০ বজাত প্রভাত গীতাঞ্জলি, পুৱা ৭ বজাত চৰকাৰী কার্যনির্বাহকসকল চৰকাৰী বাসভৱনত ৰাষ্ট্রীয় পতাকা উত্তোলন, পুৱা ৭.৩০ বজাত সকলো চৰকাৰী আৰু শিক্ষানুষ্ঠানত পতাকা উত্তোলন, ৮.১৫ বজাৰ পৰা আমন্ত্রিত অতিথিৰ আগমন, ৯ বজাত জজ খেলপথাৰত আনুষ্ঠানিকভাৱে ৰাষ্ট্রীয় পতাকা উত্তোলন অভিবাদন গ্রহণ আৰু অসম আৰক্ষীৰ–র্ধসামৰিক্ বাহিনীৰ কুচকাৱাজ প্রদর্শন৷ পৰৱর্তী সময়ত গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ কাৰাবন্দী, এম এম চি এইচ, বি বৰুৱা, যক্ষ্মা চিকিৎসালয়ৰ ৰোগী, জালুকবাৰী নিৰাশ্রম গৃহ, আমবাৰীস্থিত অনাথ আশ্রমৰ শিশু, বশিষ্ঠ অন্ধ বিদ্যালয়–কাহিলিপাৰ্ মূকবধিৰ বিদ্যালয়ৰ ছাত্র–ছাত্রীৰ মাজত ফল–মূল বিতৰণ কৰা হ’ব৷