খানাপাৰাত শিশু সৰবৰাহৰ অভিযোগত ধৃত ভণ্ড বাবা
সোণৰ ভাণ্ডাৰৰ সন্ধানত মকেশ ব্রহ্মআশ্রমত আৰক্ষীৰ অভিযান
নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ শিশু সৰবৰাহ কৰাৰ অভিযোগত সাতগাঁৱৰ আৰক্ষীয়ে এজন ভণ্ড বাবাক গ্রেপ্তাৰ কৰে৷ খানাপাৰাৰ আশ্রমৰ পৰা গ্রেপ্তাৰ কৰা ভণ্ড বাবাজন হৈছে উত্তৰ লখিমপুৰৰ নাওবৈছা থানৰ অন্তর্গত কলাখোৱা গাঁৱৰ বাসিন্দা গৌতম আচার্য ওৰফে ছিদ্দিকিবাবা (৪৬)৷ উল্লেখ্য যে উত্তৰ লখিমপুৰৰ ছিদ্দিকি বাবাই এবছৰ পূর্বে খানাপাৰাৰ বাছ আস্থানৰ সমীপৰ এডোখৰ মাটি দখল কৰি মকেশব্রহ্মআশ্রম খুলি পূজা–র্চনা কৰি আছিল৷ ইপিনে, মহানগৰীৰ সাতগাঁও থানাৰ অন্তর্গত নোৱাপাৰা কবৰস্থানৰ সমীপৰ বাসিন্দা আজিদুল ৰহমানৰ পুত্র আইয়েৰ ৰহমান (১০) নদিন পূর্বে ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে৷ ঘটনা সন্দর্ভত পৰিয়ালৰ লোকে সাতগাঁও থানাত এখন এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৩৮/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত কৰি খানাপাৰাৰ আশ্রমৰ পৰা শিশুটিক উদ্ধাৰ কৰে৷ আশ্রমৰ পৰিৱেশ নিৰীক্ষণ কৰি ভণ্ড বাবাজনে শিশু সৰবৰাহ আৰু নাৰীদেহৰ ব্যৱসায় চলোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰে৷ আৰক্ষীৰ উপর্যুপৰি জেৰাত ভণ্ড বাবাজনে আশ্রমৰ যজ্ঞস্থলীত সোণৰ ভাণ্ডাৰ পুতি থোৱা বুলি স্বীকাৰোক্তি দিয়ে৷ ধৃত ভণ্ড বাবাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আশ্রমত যজ্ঞস্থলীৰ ভূমি খান্দে যদিও তাৰ পৰা কোনো ধৰণৰ সোণ উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷ আৰক্ষীৰ তদন্ত প্রক্রিয়া বিপথে পৰিচালিত কৰিবলৈ ভণ্ড বাবাজনে আশ্রমৰ ভূমি খান্দিবলৈ দিয়া বুলি ভাৰপ্রাপ্ত বিষয়া দেৱজিত মহন্তই দাবী কৰিছে৷লখিমপুৰত অপৰাধজনিত ঘটনা সংঘটিত কৰি খানাপাৰাত আশ্রম খুলি সন্ন্যাসীৰ বেশত আশ্রয় লৈ থকা বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷ ইপিনে অপহূত শিশুটিৰ মুক্তিপণৰ বিনিময়ত ভণ্ড বাবাজনে পৰিয়ালৰ পৰা দুই হাজাৰ টকা দাবী কৰি আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ আজি আৰক্ষীয়ে তেওঁক আদালতত হাজিৰ কৰোৱাত আদালতে জে’ললৈ প্রেৰণ কৰে৷