খানামুখ–পশ্চিম জালুকবাৰীৰ চৰকাৰী ভূমি বেদখল
নিয়মীয়া বাৰ্তা, ৩০ মেঃ ৰাজ্যৰ আন প্রান্তৰ দৰে গুৱাহাটী মহানগৰীৰ ঠাই বিশেষে অব্যাহত আছে ভূ–মাফিয়াৰ তাণ্ডৱ৷ বিশেষকৈ গুৱাহাটী ৰাজহ চক্রৰ জালুকবাৰী মৌজাৰ অন্তর্গত খানামুখ চেকগেটকে ধৰি বৃহত্তৰ পশ্চিম জালুকবাৰী অঞ্চলত চৰকাৰী মাটি বেদখলৰ অভিযান আৰম্ভ কৰিছিল কংগ্রেছৰ একাংশ নেতা–কর্মীয়ে৷ এই অভিযোগ কৰিছে খানামুখ চেকগেটকে ধৰি পশ্চিম জালুকবাৰী অঞ্চলৰ ৰাইজে৷
প্রাপ্ত অভিযোগ মতে, জালুকবাৰী আৰক্ষী চকীৰ একাংশ কর্মৰত আৰক্ষী লোকৰ ৰহস্যজনক ভূমিকাৰ বাবেই ভূ–মাফিয়া চক্রটোৰ উপদ্রৱ বৃদ্ধি পাইছিল বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত৷ পশ্চিম জালুকবাৰী ৰাজহ গাঁৱৰ অন্তর্গত আৰু খানামুখ চেকগেটৰ ৰূপকোঁৱৰ হাউছিং কমপ্লেক্স নামৰ ব্যক্তিগত আৱাসিক চৌহদৰ গাতে লগা ৯০৩নং দাগৰ পাঁচ বিঘাতকৈ অধিক চৰকাৰী মাটিৰ বেদখল কৰিবলৈ চেষ্টা চলাইছিল৷
উল্লেখযোগ্য যে ২০১৮–১৯ চনতে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই ৰাজহুৱা স্বার্থত ৯০৩নং দাগৰ পাঁচ বিঘা এক কঠা চৰকাৰী মাটিত জি এম ডি এৰ জৰিয়তে এটা ছুইমিং পুল, শিশু উদ্যান আৰু এখন খেলপথাৰ নির্মাণৰ বাবে সংৰক্ষিত কৰি ৰখা হ’ব বুলি ঘোষণা কৰিছিল৷ কিন্তু ফেব্রুৱাৰী মাহত বিধানসভা নির্বাচনৰ অধিসূচনা জাৰি কৰাৰ সুযোগ লৈ ভূ–মাফিয়া চক্রটোৱে মূল্যৱান চৰকাৰী মাটিখিনি বেদখল কৰিবলৈ নানান ধৰণৰ ষডযন্ত্র আৰম্ভ কৰে৷ আনকি সেই মাটিৰ গাতে লগা মহিলা সংগঠন এনাজৰী মহিলা সমিতিয়ে ফেব্রুৱাৰী মাহত ভূ–মাফিয়া চক্রটোৰ তাণ্ডৱ সন্দর্ভত স্থানীয় জালুকবাৰী আৰক্ষী চকীত লিখিত অভিযোগ দাখিল কৰিছিল যদিও অভিযোগ মতে আৰক্ষী চকীৰ ইনচার্জজনে কোনো গুৰুত্বই নিদিলে৷
অভিযোগ মতে, ভূ–মাফিয়া চক্রটোৱে মাটিখিনিত ডাম্পাৰেৰে মাটি আনি পূৰ কৰি থকাৰ সময়তে আৰক্ষীক অভিযোগ দিছিল মহিলা সমিতিখনে৷ বেদখল কার্যত বাধা প্রদান কৰোঁতে ভূ–মাফিয়া চক্রটোৱে মহিলা সমিতিৰ কর্মকর্তাসকলক ভাবুকি প্রদান কৰা সন্দর্ভত আৰক্ষীক অভিযোগ দাখিল কৰাৰ পিছত আৰক্ষীয়ে একো ব্যৱস্থা গ্রহণ নকৰিলে ভূ–মাফিয়া চক্রটোৰ বিৰুদ্ধে ৷ সচেতন লোকসকলে এইক্ষেত্রত স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাক বিশেষ ব্যৱস্থা গ্রহণ কৰি চৰকাৰী মাটি বেদখলমুক্ত কৰিবলৈ দাবী জনাইছে৷