গণৰাজ্য দিৱসত ১২ লাখ টকাৰ পতাকা বিক্রীৰ লক্ষ্য খাদী ব’ডৰ
নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ সমাগত গণৰাজ্য দিৱস ৷ দেশৰ ৭১সংখ্যক গণৰাজ্য দিৱসৰ দিন চমু চাপি অহাৰ লগে লগে গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসনে যাৱতীয় প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে ৷ ইপিনে, প্রতিবছৰৰ দৰে এইবেলিও গণৰাজ্য দিৱসত অভিলেখসংখ্যক পতাকা বিক্রীৰ লক্ষ্য স্থিৰ কৰি চানমাৰিস্থ খাদী আৰু গ্রামোদ্যোগ ব’র্ডে পতাকা প্রস্তুতৰ কাম আৰম্ভ কৰিছে ৷ ব’ডৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, গণৰাজ্য দিৱস উপলক্ষে যোৱা ২ জানুৱাৰীৰ পৰা শিপিনীসকলে পতাকা চিলাইৰ কাম আৰম্ভ কৰিছে ৷ এইবেলি ব’র্ডে বিভিন্ন আকাৰৰ মুঠ ১২ লাখ টকাৰ পতাকা বিক্রীৰ লক্ষ্য স্থিৰ কৰা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে বিভিন্ন আকাৰৰ পতাকাৰ দাম বেলেগ বেলেগ হ’ব যদিও ৭০ টকাৰ পৰা ৬০০ টকা পর্যন্ত পতাকাৰ দাম নির্ধাৰণ কৰা হৈছে ৷ ব’ডৰ শিপিনীয়ে প্রস্তুত কৰা পতাকা ৰাজ্যৰ বিভিন্ন জিলাত থকা ব’ডৰ ৪৫টা বিক্রী কেন্দ্রত উপলব্ধ হ’ব ৷