নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত চলিছে ৩০০ চিটীবাছ

নিয়মীয়া বার্তা, ৪ মে’ : মহামাৰী ক’ৰোনা ভাইৰাছক লৈ দেশত চলি থকা লকডাউনৰ বাবে স্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰী ৷ লকডাউনৰ সময়ছোৱাত যান–বাহন চলাচল সম্পূর্ণ বন্ধ হৈ পৰাত যাতায়াতৰ ক্ষেত্রত মহানগৰবাসীয়ে বিশেষ অসুবিধাৰ সন্মুখীন হৈছে ৷ অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত একাংশ বাহন প্রশাসনৰ নীতি–নির্দেশনাৰ মাজতেই চলি আছে যদিও দীঘলীয়া লকডাউনৰ বাবে মহানগৰীত চিটীবাছৰ চলাচল সম্পূর্ণ বন্ধ হৈ পৰিছে ৷ মহানগৰবাসীৰ যাতায়াতৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি তৃতীয় পর্যায়ৰ লকডাউনত বিশেষ নীতি–নিয়মৰ মাজতে গুৱাহাটী মহানগৰীত ৰাজ্য চৰকাৰে চিটীবাছ চলাচলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমক নির্দেশ দিছে ৷ চৰকাৰৰ নির্দেশত অসম ৰাজ্যিক পৰিবহণ নিগমে মহানগৰীত আজিৰে পৰা ৫০ শতাংশ চিটীবাছ চলাচলৰ ব্যৱস্থা গ্রহণ কৰিছে ৷ অসম ৰাজ্যিক পৰিবহণ নিগমে ৫০ শতাংশ চিটীবাছ চলাচলৰ ক্ষেত্রত নতুন নির্দেশনা জাৰি কৰিছে ৷ এইক্ষেত্রত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰাইয়ে জনোৱা মতে মহানগৰীত আজিৰ পৰা ১০০খন চিটীবাছ চলাচল কৰিবলৈ দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ৩০০ লৈ বৃদ্ধি কৰা হয় । প্রতিখন চিটীবাছত ৫০ শতাংশ যাত্রীয়ে যাতায়াত কৰিব পাৰিব ৷ চিটীবাছত যাতায়াত কৰিবৰ বাবে প্রতিজন যাত্রীয়ে নিজৰ নাম–ঠিকনা, ম’বাইল নম্বৰ পঞ্জীয়ন কৰিব লাগিব ৷ ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি পৰিবহণ বিভাগে চিটীবাছত চলাচল কৰিব বিচৰা যাত্রীসকলে নাম–ঠিকনা পঞ্জীয়ন কৰিব লাগিব বুলি পৰিবহণ নিগমৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিছে ৷ উল্লেখ্য যে পৰিবহণ নিগমৰ উপৰি ব্যক্তিগত চিটীবাছসমূহ আজিৰ পৰা মহানগৰীৰ ৰাজপথত চলাব পাৰিব যদিও ইয়াৰ বাবে আগতীয়াকৈ পৰিবহণ নিগমৰ লগত যোগাযোগ কৰাৰ উপৰি বিভাগীয় নীতি–নির্দেশনাৰ মাজতহে চলিব পাৰিব ৷ পৰিবহণ নিগমৰ বাছসমূহ কোন কোন পথত চলিব সেই ক্ষেত্রত সঠিক সিদ্ধান্ত লোৱা নাই যদিও মহানগৰীৰ জি এছ ৰোড, আৰ জি বৰুৱা ৰোড আৰু জি এন বি ৰোডকে ধৰি মুখ্য পথসমূহত চিটীবাছ চলাচল কৰিব ৷ চিটীবাছত যাতায়াত কৰা প্রতিগৰাকী যাত্রীয়ে বিভাগীয় নির্দেশনা অনুসৰি যাতায়াত কৰিব পাৰিব ৷ সেয়েহে চিটীবাছত যাতায়াত কৰিব বিচৰা প্রতিগৰাকী যাত্রীৰ সহায়–সহযোগিতা কামনা কৰিছে পৰিবহণ নিগমে ৷

You might also like