গুৱাহাটীত দোকান খোলাক লৈ নতুন নিৰ্দেশনা
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ মহানগৰীত অত্যাবশ্যকীয় সামগ্ৰীৰ দোকান খোলাৰ সন্দৰ্ভত নতুন নিৰ্দেশনা। ১০ জুলাইত চাউল, আটা, দাইল, আলু-পিয়াঁজকে ধৰি অত্যাবশ্যকীয় সামগ্ৰীসমূহ হোলচেল দোকানত মজুত কৰা হ’ব। পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ মজুত কৰিব পাৰিব সামগ্ৰী।
১১ জুলাইৰ পুৱা ১০ বজাৰ পৰা ৬ বজালৈ হোলচেল দোকানসমূহে সামগ্ৰী বিতৰণৰ কৰিব পাৰিব। উক্ত দিনাই সামাজিক দূৰত্ব বৰ্তাই ৰাখি নিৰ্দিষ্ট এলেকাতহে খুলিব পাৰিব ফল-মূলৰ দোকান। পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ খুচুৰা গেলামালৰ দোকানো খোলাৰো অনুমতি।