নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছাত্ৰী নিবাস কণ্টেইনমেণ্ট জ’ন

নিয়মীয়া বাৰ্তা,৯ মেঃ গুৱাহাটী আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছাত্ৰী নিবাস আৰু প্ৰৱেশ পথ কণ্টেইনমেণ্ট জ’ন ঘোষণা প্ৰশাসনৰ। ছাত্ৰীনিবাসটোৰ এগৰাকী চিকিৎসক ছাত্ৰী COVID-19ত আক্ৰান্ত হোৱাৰ পাছতেই এই সিদ্ধান্ত প্ৰশাসনৰ। ৰাজ্যত ৫৯জনলৈ বৃদ্ধি পালে COVID-19ত আক্ৰান্তৰ সংখ্যা। ইতিমধ্য়ে ছাত্ৰীনিবাসটোৰ ৪০গৰাকী শিক্ষাৰ্থীৰ SWAB সংগ্ৰহ কৰা হৈছে। সমগ্ৰ অঞ্চলটো ছেনীটাইজ্যেশনৰ ব্যৱস্থা কৰিছে পৌৰ নিগমে। আনহাতে নিশাই ছাত্ৰীনিবাসত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ছাত্ৰী নিবাসটোৰ ছাত্ৰীসকলক আতংকিত নহ’বলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।

You might also like