নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী দন্ত মহাবিদ্যালয়ৰ ৭১জনৰ ক’ৰোনা টেষ্টৰ ফলাফল নিগেটিভ

নিয়মীয়া বাৰ্তা, ১০ মেঃ গুৱাহাটী দন্ত মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসক ছাত্ৰী ক’ৰোনাত আক্ৰান্ত হোৱাৰ পাছতে মহাবিদ্যালয়খনৰ ৭১গৰাকীৰ ক’ৰোনা টেষ্ট কৰা হৈছিল। হোষ্টেলৰ আৱাসীকে ধৰি ৰান্ধনী, চকীদাৰ, কলেজখনৰ কেণ্টিনৰ কৰ্মচাৰীৰো টেষ্ট কৰা হৈছিল। কিন্তু সৌভাগ্যক্ৰমে সকলৰো ফলাফল নিগেটিভ। ডাঃ দীপা ডেকাৰ সহযোগী দুগৰাকী চিকিৎসকৰো ফলাফল নিগেটিভ। এই কথা জনালে GMCHৰ অধ্যক্ষ ৰমেন তালুকদাৰে। আনহাতে ডাঃ লিথিকেশৰ সংস্পৰ্শলৈ অহা সকলো লোকৰে নমুনা সংগ্ৰহ কৰা হৈছিল আৰু আটাইৰে ফলাফল নিগেটিভ আহিছে বুলিও মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে।

You might also like