গুৱাহাটী বিশ্ববিদ্যালয়ত কোৱাৰেণ্টাইনৰ নিয়ম ভংগ
নিয়মীয়া বাৰ্তা, ৩ জুনঃ ক’ভিড–১৯ৰ সামাজিক সংক্রমণ ৰোধ কৰাৰ বাবে কঠোৰ কোৱাৰেণ্টাইন ব্যৱস্থাৰ পোষকতা কৰি আহিছে ৰাজ্য চৰকাৰে৷ ইয়াৰ বিপৰীতে বহিঃৰাজ্যৰ পৰা অহা একাংশ লোকে কোৱাৰেণ্টাইন ব্যৱস্থাৰ নীতি–নিয়মক জলাঞ্জলি দিয়াৰ ফলত সংক্রমণৰ আশংকা বৃদ্ধি পাইছে৷ ৰাজ্যৰ বিভিন্ন প্রান্তত এনে ঘটনা সদায়েই পোহৰলৈ আহিছে৷ এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলত কোৱাৰেণ্টাইন হৈ থকা একাংশ ব্যক্তিয়ে পালন কৰিবলগীয়া সংশ্লিষ্ট নীতি–নিয়ম ভংগ কৰা কার্যই প্রতিক্রিয়া সৃষ্টি কৰিছে৷
প্রাপ্ত তথ্য অনুসৰি, হোষ্টেলসমূহত থকা লোকসকলে দিনৰ ভাগত মুকলিমূৰীয়াকৈ হোষ্টেলৰ চৌহদত ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷ কেৱল সেয়াই নহয়, হোষ্টেল চৌহদত জুম বান্ধি আড্ডা মাৰি থকাও দেখা গৈছে একাংশ কোৱাৰেণ্টাইনত থকা ব্যক্তিক৷ বাহিৰলৈ ওলাই অহা এই ব্যক্তিসকলে সামাজিক দূৰত্বৰ নীতি–নিয়ম পালন কৰাও পৰিলক্ষিত নহ’ল৷ আনকি একাংশই মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰা কার্যই সমগ্র গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদতেই আতংক সৃষ্টি কৰিছে৷ উল্লেখ্য যে মুম্বাইৰ পৰা বিশেষ ৰে’লেৰে অহা কৰিমগঞ্জৰ বহুসংখ্যক যাত্রীক এই হোষ্টেলসমূহত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছিল৷ ৰে’লযোগে আহি গুৱাহাটীত নমাৰ পিছত তেওঁলোকক সৰুসজাইত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ছোৱাবৰ নমুনা সংগ্রহ কৰিছে স্বাস্থ্য বিভাগে৷ ইয়াৰ পিছতে তেওঁলোকক কোৱাৰেণ্টাইনৰ বাবে হোষ্টেললৈ প্রেৰণ কৰা হয়৷ তেওঁলোকৰ ছোৱাবৰ নমুনাৰ পৰীক্ষাৰ ফলাফল নোলাওঁতেই এনেদৰে মুকলিমূৰীয়াভাৱে ঘূৰি ফুৰা আৰু সামাজিক দূৰত্বৰ নীতি পালন নকৰা কার্যই ক’ভিড–১৯ৰ সংক্রমণ অধিক দ্রুতগতিত হোৱাৰ আশংকা কৰা হৈছে৷
কিয়নো কোনো এজন ব্যক্তিও যদিও ইয়াৰ পৰা পজিটিভ ওলায়, তেনেহ’লে তেওঁৰ শৰীৰৰ পৰা আন এজনৰ শৰীৰলৈ ক’ভিড–১৯ৰ সংক্রমণৰ যথেষ্ট সম্ভাৱনা আছে৷ উল্লেখ্য যে কোৱাৰেণ্টাইনত থকাৰ সময়ছোৱাত অপ্রয়োজনীয়ভাৱে কোঠাৰ বাহিৰলৈ ওলাই নাহিবলৈ প্রতিগৰাকী লোকক আহ্বান জনোৱা হৈছিল, যাতে এজন ব্যক্তিৰ সংস্পর্শলৈ আন এজন ব্যক্তি আহিব নোৱাৰে৷ বর্তমানলৈ কেৱল কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোকৰ শৰীৰতহে ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছত ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্রণত আছে বুলি প্রকাশ কৰি আহিছে ৰাজ্য চৰকাৰে৷ এনে সময়ত বহিঃৰাজ্য তথা ক’ৰোনাৰ হটস্পট হিচাপে বিবেচিত হোৱা স্থানৰ পৰা অহা লোকসকলে কোৱাৰেণ্টাইনৰ নীতি–নিয়ম কটকটীয়াভাৱে মানি নচলাত একপ্রকাৰ আতংকৰেই সৃষ্টি হৈছে৷
বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপৱর্তী অঞ্চলত ইয়াক লৈ সৃষ্টি হৈছে শংকা৷ কিয়নো যোৱানিশা কুৱেইটৰ পৰা আহি গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলত কোৱাৰেণ্টাইনত থকা ৩০জনৰ দেহত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ এনে ক্ষেত্রত গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলত কোৱাৰেণ্টাইনত থকা একাংশ দায়িত্বজ্ঞানহীন ব্যক্তিৰ কার্যই হতচকিত কৰি তুলিছে সচেতন মহলক৷