নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী মাষ্টাৰ প্লেনৰ প্ৰস্তাৱিত খচৰা প্ৰকাশ

পূৰ্বৰ ২৭,০৮৫ পৰা ৩২,৮০৬ হেক্টৰলৈ পৰিসৰ বৃদ্ধিঃ উজানবজাৰ-খাৰঘুলিক গ্ৰীনবেল্ট জ'নত অন্তৰ্ভক্ত

নিয়মীয়া বাৰ্তা ২১ মাৰ্চঃ স্মাৰ্ট চিটীৰ ৰূপ পাবলৈ গৈ থকা গুৱাহাটী মহাগৰীক নতুন ৰূপত গঢ়াৰ সংকল্প লৈছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰীয়ে। গুৱাহাটী মহানগৰীক নতুন ৰূপত গঢ়ি তোলাৰ লক্ষ্যৰে মাষ্টাৰ প্লেনৰ প্ৰস্তাৱিত খচৰা ইতিমধ্যেই প্ৰকাশ কৰিছে। জিএমডিএ এক্ট ১৯৮৫ অনুসৰি পূৰ্বতে ২০০৯ চনৰ ৭ জুলাইত জিমএমডি এ/এমপি/পাৰ্ট-১/১০৩ নম্বৰৰ জাননীখনৰ জৰিয়তে মাষ্টাৰ প্লেন গুৱাহাটী প্ৰকাশ কৰা হৈছিল। উক্ত মাষ্টাৰ প্লেনত কিছুমান নতুন সংযোজন ঘটাই প্ৰস্তাৱিত গুৱাহাটী মাষ্টাৰ প্লেন ২০২৫ খচৰা প্ৰস্তুত আৰু প্ৰকাশ কৰা হৈছে। প্ৰস্তাৱিত খচৰাত পূৰ্বৰ ২৭,০৮৫ হেক্টৰ মাটিকালিৰ পৰা গুৱাহাটী মহানগৰীৰ পৰিসৰ ৩২,৮০৬ হেক্টৰলৈ বৃদ্ধি কৰা হৈছে। প্ৰস্তাৱিত খচৰা অনুসৰি আৱাসিক এলেকাৰ মাটিকালিৰ পৰিমাণ পূৰ্বৰ ৮,৬৬৮ ৰ পৰা ১০,৪০৬ লৈ বৃদ্ধি কৰা হৈছে। খুচুৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিক পূৰ্বৰ ৩৬০ পৰা ৪৪৭ হেক্টৰলৈ বৃদ্ধি কৰা হৈছে। পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠান এলেকাৰ মাটিকালি ৮১ হেক্টৰৰ পৰা ৪১৭ হেক্টৰলৈ পৰিসৰ বৃদ্ধি কৰা হৈছে। ঔদোগিক এলেকাৰ পূৰ্বৰ ৫১৮ হেক্টৰ মাটিকালিৰ পৰা ৯১৮ হেক্টৰলৈ বৃদ্ধি কৰা হৈছে। ৰাজহূৱা আৰু অৰ্ধৰাজহুৱা এলেকাৰ মাটিকালি ৩২৭০ আৰু ৩৬০৬ হেক্টৰলৈ বৃদ্ধি কৰা হৈছে। পুনৰ নিৰ্মাণ আৰু মুকলি ভূমিৰ পৰিমাণ পূৰ্বৰ ৩৩০১ হেক্টৰৰ পৰা ৩৭০৫ হেক্টৰলৈ বৃদ্ধি কৰা হৈছে। যাতায়তৰ বাবে পূৰ্বৰ ২৮৫৩ হেক্টৰৰ মাটিকালিৰ পৰা ৩৪০৪ হেক্টৰলৈ বৃদ্ধি কৰা হৈছে। পৰিৱেশ আৰু সংবেদনশীল আৰু পৰিৱেশ অনুকূল হিচাপে থকা পূৰ্বৰ ৬৯১৯ হেক্টৰৰ পৰা ৮২৪৫ হেক্টৰলৈ পৰিসৰ বৃদ্ধি কৰা হৈছে। প্ৰস্তাৱিত খচৰা খনত উজানবজাৰ খাৰঘুলী অঞ্চলক পুনৰ নিৰ্মাণ আৰু গ্ৰীণবেল্ট এলেকাত অন্তৰ্ভুক্ত কৰিছে। জিএছ ৰোডৰ দিছপুৰ কেপিটেল কমপ্লেক্সত ৰাজহুৱা আৰু অৰ্ধৰাজহুৱা অঞ্চলত অন্তৰ্ভুক্ত কৰিছে। প্ৰস্তাৱিত খচৰাখনত আৱাসিক মণ্ডল, ব্যৱসায়িক মণ্ডল, ঔদ্যোগিক মণ্ডল, ৰাজহুৱা আৰু অৰ্ধৰাজহুৱা মণ্ডল, পৰিবহন আৰু যাতায়ত মণ্ডল, গ্ৰীনবেল্ট জ’ন, পৰিৱেশ সংবেদনশীল জ’ন, পাহাৰীয়া অঞ্চলকে ধৰি কেইবাটাও জনত বিভক্ত কৰিছে। প্ৰস্তাৱিত খচৰাখন ইতিমধ্যেই জি এম ডি এৰ ৱেবচাইটত ৰাজহুৱা কৰি জনসাধাৰণৰ সুবিধাৰ বাবে মুকলি কৰিছে। এই প্ৰস্তাৱিত গুৱাহাটী মাষ্টাৰ প্লেনৰ খচৰা সন্দৰ্ভত ৰাইজৰ ওজৰ আপত্তি থাকিলে এমাহৰ ভিতৰত জিএমডিএৰ মুখ্য কাৰ্যবাহী বিষয়াক অভিযোগ দিব পাৰিব। ইয়াৰ উপৰি প্ৰস্তাৱিত খচৰাখন সন্দৰ্ভত [email protected] ই মেলৰ জৰিয়তে ওজৰ আপত্তি অথবা পৰামৰ্শ দিবলৈও মুখ্য কাৰ্যবাহী মলয় বৰাই ৰাইজক আহ্বান জনাইছে।

You might also like